• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘বৈচিত্ৰ্যময় অসম’ ৰ পাঠতেই নাই স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ স্মৃতি

নিউজ ডেস্ক by নিউজ ডেস্ক
April 25, 2022
in News, অসম, শিক্ষা, সংবাদ, সংস্কৃতি
1 min read
0
‘বৈচিত্ৰ্যময় অসম’ ৰ পাঠতেই নাই  স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ স্মৃতি
Share on FacebookShare on Twitter

এটা বিষয়কলৈ এতিয়া ৰাজ্যত তোলপাৰ লাগিছে। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ দ্ৰুতপাঠত স্বৰ্গদেউ চাওলুং ছ্যুকাফাক অৱজ্ঞা কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ ছ’চিয়েল মিডিয়াত ইয়াক লৈ তুমুল বিতৰ্কৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে।

উল্লেখনীয়ভাৱে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডে প্ৰকাশ কৰা নৱম আৰু দশম শ্ৰেণীৰ দ্ৰুতপাঠ ‘বৈচিত্ৰ্যময় অসম’ত ৬০০ বছৰীয়া আহোম ৰাজশাসনৰ প্ৰতিষ্ঠাতা চাওলুং ছ্যুকাফাক নস্যাৎ কৰাৰ অভিযোগ কৰিছে একাংশই।

১২২৮ খ্ৰীষ্টাব্দতে বৰ অসমৰ ভেটি তথা বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰা স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ নাম আৰু অৱদান দ্ৰুতপাঠখনৰ পৰিশিষ্টত উল্লেখ নথকাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে।

উল্লেখ্য যে, অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰস্তুত কৰি উলিওৱা ‘বৈচিত্ৰ্যময় অসম’ নামৰ দ্ৰুতপাঠখনৰ ১৫৪ নং পৃষ্ঠাত মুদ্ৰিত পৰিশিষ্টত বৃহত্তৰ অসমৰ হোতা হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা সংগীত সূৰ্য ড° ভূপেন হাজৰিকালৈ বহুকেইগৰাকী মহাপুৰুষ-মণীষীৰ নাম উল্লেখ কৰা হৈছে যদিও বৰ অসমৰ প্ৰতিষ্ঠাতা,জাতি জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতীক তথা বৃহত্তৰ অসমীয়া জাতিৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ ছ্যুকাফাৰ নাম উল্লেখ নথকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ ২২১ বছৰৰ পূৰ্বেই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰা স্বৰ্গদেউ ছ্যুকাফাৰ নাম বৈচিত্ৰ্যময় অসমৰ পৰিশিষ্টত চক্ৰান্তমূলকভাৱে উল্লেখ নকৰি ৬০০ বছৰীয়া আহোম ৰাজত্বৰ ইতিহাস আৰু স্বৰ্গদেউ ছ্যুকাফাক পৰিকল্পিতভাৱে অৱজ্ঞা কৰাৰ অভিযোগ বিভিন্নজনৰ।

এতিয়া অসম চৰকাৰৰ শিক্ষা বিভাগ তথা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া কি হয় সেইয়া লক্ষ্যণীয় হ’ব বুলি বিভিন্নজনে মন্তব্য কৰিছে।

উল্লেখ্য যে, ৬০০ বছৰীয়া স্বৰ্ণিল ইতিহাস ৰচনা কৰি অসমীয়া জাতিক সমন্বয়ৰ ডোলেৰে বান্ধি জাতি গঠন প্ৰক্ৰিয়াৰ বুনিয়াদ গঢ়া চাওলুং ছ্যুকাফাৰ নাম দ্ৰুতপাঠৰ পৰিশিষ্টৰ পৰা ষড়যন্ত্ৰমূলকভাৱে আঁতৰোৱা হ’ল নেকি ? নে এইয়া শিক্ষা বিভাগৰ অনিচ্ছাকৃত ভুল সেইয়া শিক্ষামন্ত্ৰীৰ প্ৰতিক্ৰিয়াতহে স্পষ্ট হ’ ব বুলি ধাৰণা কৰা হৈছে। অসম চৰকাৰৰ শিক্ষা বিভাগে এই গুৰুতৰ আসোঁৱাহ দূৰীকৰণৰ বাবে কি তৎকালীন ব্যৱস্থা গ্ৰহণ কৰে সেয়াও হ’ব লক্ষ্যণীয়।

Previous Post

জুন মাহত গুৱাহাটীবাসী ৰাইজে পানী পালে ভাল কথা ” : ভূপেন বৰা

Next Post

মিঞা ভোটৰ সহযোগত জয়ী হৈছে AAP আৰু AJP প্ৰাৰ্থী : পবিত্ৰ মাৰ্ঘেৰিটা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মিঞা ভোটৰ সহযোগত জয়ী হৈছে AAP আৰু AJP প্ৰাৰ্থী : পবিত্ৰ মাৰ্ঘেৰিটা

মিঞা ভোটৰ সহযোগত জয়ী হৈছে AAP আৰু AJP প্ৰাৰ্থী : পবিত্ৰ মাৰ্ঘেৰিটা

কোন হ’ব গুৱাহাটীৰ পৰৱৰ্তী মেয়ৰ ? কি ক’লে দলে ?

কোন হ'ব গুৱাহাটীৰ পৰৱৰ্তী মেয়ৰ ? কি ক'লে দলে ?

প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰথমটো লতা দীননাথ মংগেশকাৰ বঁটা

প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰথমটো লতা দীননাথ মংগেশকাৰ বঁটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8