আজি পবিত্ৰ ঈদ-উল ফিটাৰ । মাহজোৰা পবিত্ৰ ৰমজানৰ ৰোজাৰ অন্তত আজি সমগ্ৰ দেশৰ লগতে যোৰহাটতো ইছলাম ধর্মীয় লোকসকলে উলহ মালহৰে উদযাপন কৰিছে ঈদ ।
ঈদ উপলক্ষে যোৰহাট নগৰৰ বিভিন্ন মছজিদসমূহ সজাই পৰাই তোলা দেখা গৈছে । যোৰহাটৰ ঈদগাহ ময়দানত প্ৰতিকূল বতৰ যদিও ঈদৰ নামাজৰ বাবে লোকসকল ঈদগাহলৈ অহা দেখা যায়। উল্লেখ্য যে ক’ভিডৰ বাবে বিগত দুটা বছৰে এই ঈদগাহত ঈদৰ নামাজ হোৱা নাছিল । এইবাৰ কভিডৰ কোনো নীতি নিয়ম নথকাৰ বাবে নামাজৰ বাবে উৎসাহেৰে ওলাই আহে ইছলাম ধৰ্মীয় লোকসকল । ঈদৰ নামাজত আজি অসমৰ শান্তি সম্প্ৰীতি বাবে বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰে ।