বিশ্ব বিখ্যাত সংগীতৰ যাদুকৰী মহম্মদ ৰফিৰ সংগ্ৰহালয়ত এতিয়াৰ পৰা থাকিব অসমীয়া জাতিৰ স্বাভিমান আৰু আৱেগ গামোচা । উল্লেখ্য যে,এই সংগ্ৰহালয়লৈ দেশৰ লাখ লাখ জনতাৰ আগমন ঘটে । এই সংগ্ৰাহালয়ত অসমীয়াৰ গামোচাখন থকাটো জাতিৰ বাবে গৌৰৱৰ কথা ।
সাহিত্য ক্ষেত্ৰত জড়িত থকা বা পঢ়ুৱৈ সমাজৰ জ্ঞাত যে লেখিকা এনী হাজৰিকাই “হিন্দী চিনেমা স্বৰ্ণযুগ” নামেৰে এখন অসমীয়া সাহিত্যত অগতানুগতিক আৰু অসমীয়া সাহিত্যত কেতিয়াও প্ৰকাশ নোহোৱা গ্ৰন্থ এখন প্ৰকাশ কৰি জাতিটোক ডাঙৰ উপকাৰ কৰিলে । সেই গ্ৰন্থখনত মহম্মদ ৰফিয়ে বিশেষভাৱে স্থান পাইছিল । সেই গ্ৰন্থখন মহম্মদ ৰফিৰ সু-যোগ্য পুত্ৰ, জী-জোৱাই উপস্থিতিত এনী হাজৰিকাই গ্ৰন্থখন অৰ্পণ কৰে আৰু গামোচাখন সংগ্ৰাহালয়ত থবলৈ উপহাৰ হিচাপে আগবঢ়ায় ।