আফ্ৰিকা মহাদেশৰ এখন দেশ হ’ল কঙ্গো। কঙ্গোৰ ৰাজধানী হ’ল কিনচাসা।
বৰ্তমান কঙ্গো দেশখনৰ মুঠ জনসংখ্যা ৮২,২৪৩,০০০।
কঙ্গো দেশখন পৃথিৱীৰ চতুর্থ তম দৰিদ্ৰ দেশ বুলি বিবেচিত হয়। এই দেশখনৰ বেছিভাগ লোকে দিনটোত এসাজ খায়েই জীৱন অতিবাহিত কৰিব লগীয়া হৈছে।
এইখন দেশত সোণ, ডাইমণ্ড, কপাৰৰ দৰে প্ৰাকৃতিক সম্পদ থকাৰ পিছতো কঙ্গো দেশখন দৰিদ্ৰ। কঙ্গো দেশ ইমানে দৰিদ্ৰ যে, এই দেশৰ বৰ্তমানেও বহুতো ঠাই বিদ্যুতৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। কঙ্গো দেশখনতেই সকলোতকৈ বেছি শিশুৰ মৃত্যু হয়। ২০১০ চনত প্রথম এটিএম মেচিন আফ্রিকা মহাদেশৰ কঙ্গো ৰাষ্ট্ৰখনতেই প্ৰচলন কৰা হৈছিল। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ সময়তো এই দেশৰ লোক সকলে জৰা-ফুকাৰ দৰে অন্ধবিশ্বাসত বিশ্বাসী। কঙ্গো দেশত নিবনুৱা সমস্যা প্ৰৱল। কঙ্গো দেশৰ ৬০ শতাংশতকৈ অধিক মানুহ খেতিৰ ওপৰত নিৰ্ভৰশীল। এই দেশত সবাতকৈ অধিক ধান খেতি কৰা হয়।