ভাৰুচৰ জিলা উপায়ুক্তৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীটত কেৱল উত্তীৰ্ণ হব পৰা নম্বৰ হে আহিছিল। তেওঁৰ মাৰ্কশ্বীটখন ২০০৯ চনৰ বেটচৰ আই.এ.এছে টুইটাৰত শ্বেয়াৰ কৰিছিল।
কোনোবাই পালেও বহুতে তেওঁলোকে কিমান নম্বৰ পাইছে ক’বলৈ সংকোচ কৰে, কিন্তু আজি আমি আপোনাক এনে এজন ব্যক্তিৰ বিষয়ে ক’বলৈ গৈ আছোঁ যিয়ে সামাজিক মাধ্যম যোগে সকলোকে কৈছিল যে তেওঁ ইংৰাজীত ১০০ নম্বৰৰ ভিতৰত মাত্ৰ ৩৫ নম্বৰহে পাবলৈ সক্ষম হৈছে। একেদৰে, গণিতত ১০০ নম্বৰৰ ভিতৰত ৩৬ নম্বৰ আৰু বিজ্ঞানত ৩৮ নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। এইবোৰ হৈছে তেওঁৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত প্ৰাপ্ত নম্বৰ। দশম শ্ৰেণীত উত্তীৰ্ণ হ’বলৈ তেওঁক কমেও ৩৩ নম্বৰৰ প্ৰয়োজন আছিল।
এই নম্বৰবোৰ হৈছে ভাৰুচৰ জিলা উপায়ুক্ত তুষাৰ সুমেৰাৰ। তেওঁ নিজৰ মাৰ্কশ্বীট সামাজিক মাধ্যমত ভাগ বতৰা কৰি লিখিছিল যে দশম শ্ৰেণীত তেওঁৰ কেৱল উত্তীৰ্ণ নম্বৰহে আহিছিল। ইমান কম নম্বৰ পোৱাৰ পিছত কেৱল গোটেই গাওঁতে নহয় বিদ্যালয়তো সকলোৱে কৈছিল যে তেওঁ কেতিয়াও একো কৰিব নোৱাৰে।
যি গৰাকীক সকলোৱে যে একো কৰিব নোৱাৰে বুলি, তেওঁ এতিয়া আই.এ.এছ। তুষাৰ ডি সুমেৰাই ২০১২ চনতে আই.এ.এছ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু আই.এ.এছ হৈছিল। যেতিয়া ছত্তীশগড় কেডাৰৰ ২০০৯ বেটচৰ আই.এ.এছ আৱানীশ শৰণে তুষাৰ ডি সুমেৰাৰ মাৰ্কশ্বীটৰ বিষয়ে টুইট কৰিছিল, তেতিয়া তুষাৰ ডি সুমেৰাও টুইটাৰত আৱানীশ শৰণক ধন্যবাদ ছাৰ বুলি লিখিছিল।
“জীৱনত সফল হবলৈ হ’লে নম্বৰ নহয় প্ৰতিভাৰহে প্ৰয়োজন”- এই কথাষাৰৰ এক জীৱন্ত উদাহৰণ হৈছে তুষাৰ ডি সুমেৰা। আই.এ.এছ. হোৱাৰ আগতে তুষাৰ সুমেৰাই বি.এ. আৰু বি.এড. ডিগ্ৰী অৰ্জন কৰিছিল। ইয়াৰ পিছত তেওঁ সহকাৰী শিক্ষকৰ চাকৰি গ্ৰহণ কৰিছিল। ২০১২ চনত তেওঁ ইউ.পি.এছ.চি. অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পদবী লাভ কৰি এজন আই.এ.এছ. বিষয়া হিচাপে স্বীকৃতি লাভ কৰে।