বুধবাৰে বাজেট অধিৱেশনৰ তৃতীয়টো দিন ৷ ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷ উল্লেখ্য যে, ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট আবেলি তিনি বজাত বিত্ত মন্ত্ৰীয়ে দাখিল কৰিব ।
এই বাজেটত স্বাস্থ্য, শিক্ষা, হিতাধিকাৰী আঁচনিক অধিক গুৰুত্ব দিয়াৰ সম্ভৱনা আছে। এই বাজেটক লৈ সকলো এতিয়া আশাবাদী ।
উল্লেখযোগ্য যে ১৪ মাৰ্চৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। বিভিন্ন হুলস্থুলীয়া পৰিৱেশৰ মাজতেই মঙলবাৰে শাসক–বিৰোধীৰ বাক–বিতণ্ডাৰ বাবে দুবাৰকৈ সদন স্থগিত ৰাখিবলগীয়া হৈছিল অধ্যক্ষই।