১ কংগ্ৰেছৰ মিটিঙত কি কি হয়, মই সকলো খবৰ পাওঁঃ হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিধায়ক বেচা-কিনা প্ৰসংগক লৈ আজি বিধানসভা উত্তপ্ত হৈ পৰে। বিৰোধীৰ উত্তাল প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰীয়ে উক্ত বিষয়টোক লৈ সদনত মন্তব্য ৰাখে। বিৰোধীৰ কটাক্ষৰ প্ৰত্যুত্তৰ দি ড০ শৰ্মাই কয়- মই কোনো বিৰোধীৰ বিধায়কৰ ঘৰলৈ যাব নোৱাৰিম নেকি?
২ নৃশংসঃ ৮ বছৰীয়া শিশুক দলবদ্ধ বলাৎকাৰ
দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে বলাৎকাৰৰ ঘটনা। ইয়াৰ মাজতে এগৰাকী ৮ বছৰীয়া শিশু কামনাৰ বলি হোৱা ঘটনা পোহৰলৈ আহিছে। এই ঘটনা বিহাৰৰ বাংকা জিলাত সংঘটিত হৈছে।
৩ দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিব বীৰেন সিং
দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব বীৰেন সিং। আজি দুপৰীয়া ৩বজাত অনুষ্ঠিত হব শপত গ্ৰহণ অনুষ্ঠান। ৰবিবাৰে মণিপুৰত বিজেপিৰ শীৰ্ষ নেতৃত্ব উপস্থিত হৈ ঘোষণা মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিছিল।
৪ মহানগৰীৰ ৰাজপথত বিৰামহীন ‘অল আউট’! কি এই ‘অল আউট’?
দেওবাৰৰ দিনটোত মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে বিৰামহীন অভিযানত জপিয়াই পৰিল কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দল৷
৫ অসমৰে এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে দুদিন দিন–ৰাতি একাকাৰ কৰি অভিভাৱকে কৰিলে অপক্ষা!
শিৱসাগৰৰ ১নং টাউন প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ ব্যতিক্ৰমী দৃশ্য। সন্তানৰ নামভৰ্তিৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰিবলৈ দুদিন দিন–ৰাতি একাকাৰ কৰি প্ৰৱেশদ্বাৰৰ সন্মুখত অপেক্ষা কৰিলে অভিভাৱকসকলে।