১ ৰাজ্যত নতুন চিকিৎসালয় স্থাপনৰ প্ৰতিশ্ৰুতি বাজেটত !
বৰ্তমান পৰ্যন্ত বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে, কৰ্কট ৰোগৰ চিকিৎসালয় সন্দৰ্ভত কিছু তথ্য আগবঢ়ায় । লগতে ৭ খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা হ’ব বুলি প্ৰকাশ কৰে । লগতে অসমৰ বিভিন্ন জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কথা প্ৰকাশ কৰে ।
২আৰক্ষীৰ গুলীত মৃত্যু ধৰ্ষনকাৰী বিকি আলীৰ
অসমত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ ৷ আৰক্ষীৰ গুলীত নিহত গাড়ীগাঁও দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলী ৷ জানিব পৰ মত, আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল বিকিয়ে ৷ ফলত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী ৷
৩ প্ৰধান শিক্ষকৰ কামনাৰ বলি হোৱা সহায়িকাৰ আত্মহত্যা
ৰাজ্যত ধৰ্ষণ, নাৰী নিৰ্যাতনৰ দৰে অপকৰ্মই তোলপাৰ লগোৱা সময়তে পুনৰ প্ৰধান শিক্ষকৰ কামনাৰ বলি হ’ল এগৰাকী মহিলা। দক্ষিণ শালমাৰা মানকাচৰ জিলা খোপাতীয়া গাঁৱৰ ব্ৰাইড একাডেমী নামৰ এখন ব্যক্তিগত বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ সহায়িকা জাহানাৰা খাতুনে নিৰ্যাতনৰ বলি হৈ চিপ লৈ আত্মহত্যা কৰে।
৪ দ্য কাশ্মীৰ ফাইল্ছ” চাব নেকি ? চৰকাৰে দিব অৰ্ধছুটি
বিবেক অগ্নিহোত্ৰীৰ নৱতম ছবি “দ্য কাশ্মীৰ ফাইল্ছ” মুক্তিৰ পিছতে দেশজুৰি ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে মুখ্যমন্ত্ৰীয়ে ছবিখন উপভোগ কৰিব বিচৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অৰ্ধছুটী ঘোষণা কৰিছে ৷
৫ চেন্নাইত অনুষ্ঠিত হ’ব ৪৪ সংখ্যক বিশ্ব দবা অলিম্পিয়াড ২০২২
ভাৰতে চেন্নাইত ৪৪ সংখ্যক বিশ্ব দবা অলিম্পিয়াড ২০২২ ৰ আয়োজন কৰিব । এই কথা অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনে ঘোষণা কৰিছে ৷ FAIC ৰ কাৰ্যালয়ৰ টুইটাৰযোগে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে এই কথা ৷ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই অব্যাহত ৰখা যুদ্ধৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ফেডাৰেশ্যনে ৷