কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন । সকলোৰে মামা হিচাপে পৰিচিত মুখ্যমন্ত্ৰী গৰাকীৰ জন্মদিনত থাকিব বিশেষ অতিথি। মুখ্যমন্ত্ৰীৰ জন্মদিনৰ এইবেলিৰ বিশেষভাৱে আমন্ত্ৰিত কেইজনমান অতিথিক লৈ এতিয়া ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷ এই বিশেষ দিনটোত মুখ্যমন্ত্ৰী গৰাকীৰ অতিথি হিচাপে গুৱাহাটীলৈ আহিব মাজুলীৰ ৪৭ জনকৈ ভাগিন ।
মুখ্যমন্ত্ৰীৰ সৈতে নৈশ ভোজনত অংশ ল’ব মাজুলীৰ এই ভাগিনহঁতে । ঐতিহাসিক দক্ষিণপাট সত্ৰ, আউনীআটী সত্ৰৰ লগতে মাজুলীৰ ৪৭ জনকৈ কণমাণি ভাগিনক নিজৰ বিশেষ দিনটোৰ বাবে আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ মাজুলীলৈ অহাৰ সময়ত মাজুলী সত্ৰ ভ্ৰমণ কৰোতে উদাসীন সত্ৰৰ কণমাণি বৈষ্ণৱ সকলৰ সৈতে সাক্ষাৎ হৈছিল ।