পথাৰলৈ হাল বাবলৈ যাওঁতে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু । পুৱা পথাৰলৈ হাল বাবলৈ যাওঁতে বিদ্যুৎস্পৃষ্ট হৈ এজন ব্যক্তিৰ কৰুণ মৃত্যু ঘটে । মৃত ব্যক্তিজনৰ নাম দাদুল মৰাং বুলি জানিব পৰা গৈছে ।
লাইটৰ খুটাৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি পানীত পৰি থকা তাঁৰ আতৰাবলৈ চেষ্টা কৰোতেই সংঘটিত হ’ল এই দুৰ্ভাগ্যজনক ঘটনা। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আজি পুৱাই প্ৰাণ গ’ল ব্যক্তিজনৰ বুলি ৰাইজে অভিযোগ তুলিছে। ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে টীয়ক এফ আৰ ইউ লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰিছে আৰু আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে।