মহানগৰীৰ চচলস্থিত ৰাজহুৱা ধৰ্ণাস্থলীত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ প্রতিবাদ। কেইবাটাও দাবী উত্থাপন কৰি শুক্ৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।
আদিবাসী সকলক আদিবাসী নামেৰে প্রমাণ পত্র প্রদানৰ দাবী জনাইছে সংগঠনটোৱে। মইনা নায়কক উন্নত চিকিত্সা প্ৰদান কৰাৰো দাবী উত্থাপন কৰিছে সদৌ অসম আদিবাসী ছাত্র সন্থাটোৱে। ভানু ভূমিজ আৰু মৰমী তাঁতী হত্যাকাণ্ডৰো ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে। চিলিং ভূমি সংৰক্ষণৰো দাবী জনাইছে আদিবাসী ছাত্র সন্থাটোৰ।