কিছুদিন পূৰ্বে গাড়ীগাওঁ ধৰ্ষণকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত বিকি আলীক আৰক্ষীয়ে এন্কাউন্টাৰ কৰা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে ।
এয়াৰ পাছতেই ৰাজ্য কঁপোৱা এই ধৰ্ষণ কাণ্ডত জড়িত পলাতক দুই অভিযুক্ত ফাইজুল আৰু পোনা আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে, মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে দুই ধৰ্ষণকাৰীক। ধৰ্ষণকাণ্ড সংঘটিত হোৱাৰ পিছতেই মৰিগাঁৱত আত্মগোপন কৰি আছিল ফাইজুল আলী আৰু পোনা আলী।
ইফালে গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলী আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে। আনহাতে বৰ্তমানো পলাতক অৱস্থাত আছে আন দুই অভিযুক্ত।
বিগত ১৯ ফেব্ৰুৱাৰীত আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত ১৬ বছৰীয়া এগৰাকী কিশোৰীক পাঁচজনকৈ বন্ধুৱে মিলি ধর্ষণ কৰিছিল । তাৰপাছতে কিশোৰী গৰাকীৰ পৰিয়ালে দাখিল কৰিছিল এজাহাৰ । গুৱাহাটীৰ পাণবজাৰ মহিলা আৰক্ষী থানাত ১৯/২২ নম্বৰত এই সন্দৰ্ভত ৰুজু হৈছিল গোচৰ ।