বুধবাৰে তিনিচুকীয়া জিলাত আৰক্ষীৰ ওচৰত এগৰাকী আলফা সদস্যই আত্মসমৰ্পণ কৰে ৷ আত্মসমৰ্পণকাৰী আলফা সদস্যজন টিলকাই নেওগ উৰফে ধুনী অসম বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, উজনি অসমৰ উপ আৰক্ষী মহাপৰিদৰ্শক জিতমল দলে আৰু তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক দেৱজিত দেউৰীৰ ওচৰত আত্মসমৰ্পণ কৰে টিলকাই নেওগ উৰফে ধুনী অসমে ৷
আত্মসমৰ্পণৰ সময়ত আলফা সদস্যজনে আৰক্ষীক জমা দিয়ে এটা AK47 আৰু এটা হেণ্ড গ্ৰেণেড ৷ টিলকাই নেওগ উৰফে ধুনী অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ হাতীগড়ত বুলি জানিব পৰা গৈছে ৷