• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আলফাৰ দাবী মন্ত্ৰী সঞ্জয় কিষাণে খুজিব লাগিব ক্ষমা! অন্যথা হ’ব বিহিত ব্যৱস্থা

নিউজ ডেস্ক by নিউজ ডেস্ক
May 15, 2022
in News, অসম, সংবাদ
1 min read
0
আলফাৰ দাবী  মন্ত্ৰী সঞ্জয় কিষাণে খুজিব লাগিব ক্ষমা! অন্যথা হ’ব বিহিত ব্যৱস্থা
Share on FacebookShare on Twitter

আলফাৰ শিবিৰত বিজু গগৈৰ মৃত্যু সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰী সঞ্জয় কিষাণে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা (স্বাধীন)-এ।

উল্লেখ যে, নিষিদ্ধ ঘোষিত সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুৰেল অসমে প্ৰেৰণ কৰা এক বিবৃতিত যোৱা ৭ মে’ত দুগৰাকী সদস্যক মৃত্যুদণ্ড দিয়াৰ কথা অৱগত কৰি বিজু গগৈয়ে ভয়তে আত্মহত্যা কৰা বুলি প্ৰকাশ কৰে।

বিবৃতিটোত লগতে উল্লেখ কৰে, ”বিজু গগৈৰ মৃত্যু সন্দৰ্ভত আমাৰ সংগঠনৰ তৰফৰ পৰা স্পষ্ট তথ্য-প্রমাণ অসমৰ থলগিৰি সংগ্ৰামী জনগণৰ জ্ঞাতাৰ্থে ৰাজহুৱা কৰা হৈছে। আমি ৰাজহুৱা কৰা তথ্য-প্রমাণক প্রত্যাহ্বান জনাই বিজু গগৈৰ পৰিয়ালৰ কোনোৱে অধিক প্রমাণ বিচাৰিলে সেয়া আমি দিবলৈ প্ৰস্তুত বুলি ৰাইজক অৱগত কৰাৰ পিছতো তিনিচুকীয়াৰ বিজেপি বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই কোনোধৰণৰ সত্যাসত্য বিচাৰ নকৰি প্ৰকৃত সত্যক মিছা অপলেপ দি নিজৰ মতামত প্ৰকাশ কৰিবলৈ গৈ সংবাদ মাধ্যমত অসমৰ হেৰুওৱা স্বাধীনতা পুনৰোদ্ধাৰৰ বাবে যোৱা চাৰি দশক ধৰি সশস্ত্র বিপ্লৱ অব্যাহত ৰখা “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনৰ সন্মানীয় সভাপতি মহাশয়ৰ বিৰুদ্ধে “মিছলীয়া” শব্দৰ প্ৰয়োগেৰে অপমানসূচক মন্তব্য কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। তেখেতৰ লগতে আমাৰ সংগঠনৰ ভাবমূৰ্তিৰ আঘাত সনা কাৰ্যক আমি কোনোপধ্যেই মানি ল’ব নোৱাৰোঁ। সেয়েহে আমি ইয়াৰ তীব্র প্রতিবাদ কৰি তেখেতৰ বক্তব্যক এক অপৰাধ হিচাপে বিবেচনা কৰিছোঁ।

 

গতিকে তেখেতে তেখেতৰ অপৰাধৰ বাবে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনৰ ওচৰত যদি ক্ষমা-প্ৰাৰ্থনা নিবিচাৰে, তেন্তে সমগ্ৰ তিনিচুকীয়া-ডিব্ৰুগড় জিলাত আমাৰ সংগঠনৰ তৰফৰ পৰা তেখেতক নিষিদ্ধ ঘোষণা কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ অসমৰ ভূমিপুত্ৰ জনগণক বিধায়ক সঞ্জয় কিষাণৰ সকলো ধৰণৰ ৰাজনৈতিক-অৰাজনৈতিক সভা-সমিতি তথা কাৰ্যাৱলীত অংশগ্রহণ কৰাৰ পৰা বিৰত থাকিবলৈ এই বিবৃতিৰ যোগে আহ্বান জনালোঁ । ইয়াৰ বিপৰীতে কোনো দল-সংগঠন তথা ব্যক্তি বিশেষে সঞ্জয় কিষাণৰ সমৰ্থনত ওলাই আহিলে তেখেতসকলে নিজৰ দায়িত্ব নিজেই বহন কৰিব লাগিব। তাৰ বাবে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠন কোনো প্ৰকাৰে দায়ী নহয়।”

উল্লেখ্য যে, বিজু গগৈৰ মৃত্যুক লৈ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ৎ নগাঁৱৰ আমোলাপট্টি মণ্টেশ্বৰী স্কুলত গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহি  কৈছিল- ‘‘পৰেশ বৰুৱাই আগতেও বহুত মিছা কথা কৈছে। পৰেশ বৰুৱাৰ কথা অসমৰ ৰাইজে ভালকৈ জানে। ইমানদিনে অসমৰ ৰাইজে তেওঁৰ কথাবোৰ মৰ্মে মৰ্মে উপলব্ধি কৰিছে। সেয়ে তেওঁৰ বিষয়ে আৰু কোৱাৰ একো প্ৰয়োজন নাই।’’

Previous Post

মানিক সাহা হ’ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্রী

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’
News

Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’

June 7, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

মহানগৰীৰ অনিল নগৰৰ উন্মুক্ত নলাত পৰিল এজন

মহানগৰীৰ অনিল নগৰৰ উন্মুক্ত নলাত পৰিল এজন

বিপদজ্জনক ভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

বিপদজ্জনক ভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8