এদিনীয়া কাৰ্যসূচীৰে শনিবাৰে গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ বীৰযোদ্ধাসকললৈ সন্মান প্ৰদৰ্শন কৰিব ৷ ১০৫ গৰাকী বীৰ যোদ্ধালৈ আগবঢ়োৱা হ’ব এই সন্মান ৷
উল্লেখ্য যে, এই যুদ্ধত অসমৰ ৯ গৰাকী সেনা জোৱান শ্বহীদ হৈছিল আৰু আন দুগৰাকী যোদ্ধাক শত্ৰুপক্ষই কৰায়ত্ত কৰিছিল ৷ ইয়াৰ লগতে 8 গৰাকী যোদ্ধা চিৰদিনৰ বাবে ঘূণীয়া হ’বলগীয়া হৈছিল ৷ কলাক্ষেত্ৰৰ এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷
ইফালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খানাপাৰাত অনুষ্ঠিত উদ্যোগ মেলাৰ আন এক কাৰ্যসূচীত অংশ ল’ব ৷ এই দুয়োটা কাৰ্যসূচীৰ বাবে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক বিমানবন্দৰত উষ্ম আদৰণি জনাই কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰণজিৎ কুমাৰে দাসে ৷