বৃহস্পতিবাৰে ঘোষণা হ’ব উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল । ইতিমধ্যে ৰাজ্যখনত প্ৰায়বোৰ আসনতে আগবাঢ়ি আছে বিজেপি ৷ বৰ্তমান ৰাজ্যখনৰ ৪০৩ খন আসনৰ ভোটগণনা অব্যাহত আছে ।
ভোটগণনাৰ পূৰ্বে চোৰাংচোৱাৰ পৰা গৃহ বিভাগে লাভ কৰা তথ্য অনুসৰি, ৰাজ্যখনৰ ১৭ খন জিলাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে ৷ কানপুৰ, আজমগড়কে ধৰি পশ্চিম উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাত ফলাফল ঘোষণাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ৷
উল্লেখযোগ্য যে,ভোট গণনাত পিছ পৰি থকা প্ৰাৰ্থীসকলে নতুবা পৰাজিত প্ৰাৰ্থীসকলে উৰাবাতৰি বিয়পোৱাৰ ফলতে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । ভোটগণনা কেন্দ্ৰসমূহৰ সমীপত মোতায়েন কৰা হৈছে বৃহৎ পৰিমাণৰ আৰক্ষী বাহিনী ।
ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানে প্ৰতিখন জিলাৰে আৰক্ষী অধীক্ষকসকলক যিকোনো পৰিস্থিতিতে ৰাজ্যখনৰ শান্তিপূৰ্ণ পৰিৱেশ অটুট ৰাখিবলৈ নিৰ্দেশ দিছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে আৰক্ষীক ৷ মোৰাদাবাদ, চাহাৰণপুৰ, সম্ভাল, মিৰাট, বিজনৌৰ, আজমগড়, কানপুৰ আৰু জৌনপুৰ জিলাত এই ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা অধিক বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ।