দেওবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটদান। এই পৰ্যায়ত, ১৬ খন জিলাৰ ৫৯ টা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে । জিলাসমূহ হৈছে ফিৰোজাবাদ, মৈনপুৰী, ইটাহ, কাচগঞ্জ, হাতৰাছ, কানপুৰ, কানপুৰ দেহাট, উৰিয়া, ফাৰুখাবাদ, কনৌজ, ইটাৱা, ঝাঁচী, জালাউন, ললিতপুৰ, হামিৰপুৰ আৰু মহোবা।
সৰ্বাধিক ৬২৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে উক্ত সমষ্টি কেইটাত । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ২.১৬ কোটিতকৈও অধিক ভোটাৰে ২৫,৭৯৪ টাকৈ স্থানত আৰু ১৫,৫৫৭ টা ভোটকেন্দ্ৰত ভোটদান কৰিছে । গুৰুত্বপূৰ্ণ সমষ্টিসমূহৰ ভিতৰত আছে কাৰহাল য’ত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।
উত্তৰ প্ৰদেশৰ উপৰিও গোৱা আৰু উত্তৰাখণ্ডত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ শেহতীয়াকৈ সমাপ্ত হৈছে ।ইপিনে মণিপুৰত ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব । উত্তৰ প্ৰদেশ, গোৱা, উত্তৰাখণ্ড, পাঞ্জাৱ আৰু মণিপুৰত ভোটগণনা ১০ মাৰ্চৰ পৰা আৰম্ভ হ’ব ।