ৰাজ্যসভাত খালী হবলগীয়া দ্বিতীয়খন আসন বিজেপিয়ে মিত্ৰদল ইউ পি পি এলক এৰি দিলে । ইউ পি পি এলে এই আসনখনৰ বাবে ৰণগৌৰা নাৰ্জাৰীক শণিবাৰে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে ।
উল্লেখ্য যে, প্ৰাক্তন এবছু নেতা ৰণগৌৰা নাৰ্জাৰীৰ নাম অৱশ্যে ৰাজ্যিক বিজেপিয়ে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা তিনিজনীয়া প্ৰাৰ্থী পেনেলতো অন্তৰ্ভুক্ত হৈছিল । ৩১ মাৰ্চত অনুষ্ঠিত হবলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনত বিজেপি আৰু মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী হব ক্ৰমে পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে পুণৰবাৰ ৰণত নামিব ৰিপুণ বৰা।২১ মাৰ্চত তিনিওখন আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ঘোষণা হৈছে ।