ক’ৰনা মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত যথেষ্ট পৰিমানে ভেকচিনৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে সোমবাৰ পৰ্যন্ত ৰাজ্যখনত ৪ কোটি ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে ১৫ ৰ পৰা ১৮ বছৰৰ শিক্ষাৰ্থীসকলকো ভেকচিনৰ ব্যৱস্থা কৰিছে চৰকাৰে।
সমগ্র ৰাজ্যত ৫০০ শিক্ষানুষ্ঠানত এই ভেকচিন দিয়া হৈছে। এক লাখ শিক্ষাৰ্থীক ভেকচিন দিয়াৰ লক্ষ্যৰে এই প্ৰচেষ্টা হাতত লোৱা হৈছে ।
মাৰ্চৰ মাহৰ পৰা আৰম্ভ হ’ব ১২ বছৰৰ পৰা ১৪ বছৰ বয়সৰ কিশোৰক ক’ভিড টিকাকৰণ আৰম্ভ কৰাৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে ক’ভিড-১৯ কাৰ্যকৰী গোট NTAGIৰ অধ্যক্ষ ড০ এন কে অৰোৰাই।
ইপিনে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ আনুমানিক ৭.৪ কোটি শিশুৰ ভিতৰত ৩.৪৫ কোটিৰো অধিক কিশোৰে ইতিমধ্যে কভাক্সিনৰ প্ৰথম পালি লাভ কৰিছে আৰু তেওঁলোকৰ দ্বিতীয় পালি ২৮ দিনৰ ভিতৰত হ’ব বুলি আৰোৰাই সদৰি কৰে।
১৫-১৮ বছৰ বয়সৰ সকলোৱে সামৰি লোৱাৰ পিছত চৰকাৰে মাৰ্চ মাহত ১২-১৪ বছৰ বয়সৰ কিশোৰ কিশোৰী সকলৰ বাবে টিকাকৰণ অভিযান আৰম্ভ কৰাৰ বাবে নীতিগত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ প্ৰকাশ কৰে ।