বুধবাৰ অৰ্থাৎ আজিৰে পৰা সমগ্র দেশৰ লগতে অসমতো ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক ক’ভিড প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ হ’ব । গুৱাহাটীৰ ৰুক্মিণীগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বুধবাৰে পুৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই অভিযান মুকলি কৰে এই কাৰ্যসূচী।
এই অভিযানৰ জৰিয়তে ২০১০ চনৰ ১৬ মাৰ্চৰ পূৰ্বে জন্মগ্ৰহণ কৰা ১২-১৪ বছৰ বয়সসীমাৰ ১৩.৪৮ লাখ কিশোৰ-কিশোৰীক ‘Corbevax’ নামৰ ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব ।
ইফালে বুধবাৰৰ পৰা ৰাজ্যত ৬০ বছৰৰ উৰ্ধৰ প্ৰতিগৰাকী লোকৰ বাবেও ক’ভিডৰ সুৰক্ষামূলক তৃতীয়পালি প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰা হ’ব । ইতিপূৰ্বে ৬০ বছৰৰ উৰ্ধৰ ‘ক’ম’ৰ্বিডিটী’ থকা লোকসকলৰ বাবে ১০ জানুৱাৰীৰ পৰা সুৰক্ষামূলক ক’ভিড প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে । ৬০ বছৰৰ উৰ্ধৰ লোকসকলে ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণৰ পৰা ৯ মাহ বা ৩৯ সপ্তাহৰ বিৰতিত এই সুৰক্ষামূলক তৃতীয় পালি প্ৰতিষেধক ল’ব পাৰিব ।