শেহতীয়াকৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৩৫ লাখ টকাৰে চাৰিখনকৈ গ’ল্ফ কাৰ্ট কিনি চমক দিছিল । চলিত বিধানসভাৰ বাজেট অধিবেশনত এই গ’ল্ফ কাৰ্ট কেইখনেৰে বিধায়কসকলক তেওঁলোকৰ কোৱাৰ্টাৰৰ পৰা সদনলৈ অনা-নিয়াৰ কাম কৰি থকা হৈছে । পিছে এইবাৰ বিধানসভা চৌহদত সোমাল ভেনিটী ভান । ঠিক বলিউডৰ চুপাৰষ্টাৰসকলে ব্যৱহাৰ কৰা অত্যাধুনিক সকলো সা-সুবিধাৰে পূৰ্ণ কোটি টকীয়া ভেনিটী ভান । কোনো বলীউডৰ ছুপাৰষ্টাৰৰ শ্বুটিঙৰ বাবে নহয় । এইবাৰ মন্ত্ৰী-বিধায়কৰ লগতে ভি ভি আই পি আৰু ভি আই পি বহিব এনে ব্যয়বহুল বাহনত।
অসমলৈ অহা বিভিন্ন ভি ভি আই পিৰ বাবে এনে এখন ভেনিটী ভান বিধানসভাতে ৰখাৰ পৰিকল্পনা কৰিছে বিধানসভা সচিবালয়ে । সোমবাৰে বিধানসভা চৌহদত অনা হয় এই ভেনিটী ভানখন । ভানখনৰ ভিতৰত পাকঘৰ, শোৱনি কোঠা, আৰামদায়ক চোফা, বাথৰূম সকলো আছে । আছে অত্যাধুনিক এটা অফিচ কক্ষও । সোমবাৰে বিধানসভা চৌহদলৈ অনা এই কোটিটকীয়া বিলাসী ভেনিটী ভানখন আচলতে ভাৰতীয় সেনা বাহিনীৰ । পৰীক্ষামূলকভাৱে এইখন বিধানসভালৈ অনা হৈছে আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে স্পষ্টকৈ প্ৰকাশ কৰিছে যে এনে এখন ভেনিটী ভান অসম বিধানসভায়ো ক্ৰয় কৰিব যাতে অসমলৈ অহা বিভিন্ন ভি ভি আই পিৰ বাবে এইখন ব্যৱহাৰ কৰিব পাৰি ।
সদ্যহতে পৰীক্ষামূলকভাবে অনা এই ভেনিটী ভানখন বড়ো সাহিত্য সভাৰ আগন্তুক তামুলপুৰ অধিবেশনৰ বাবে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ অহাৰ সময়ত ব্যৱহাৰ কৰা হ’ব বুলিও তেওঁ কয় । কিন্তু বিধানসভা সচিবালয় কিম্বা অধ্যক্ষৰ এনেবিলাক কামকাজক মুঠেও সহজে ল’ব পৰা নাই বিৰোধীয়ে ।
আনহাতে, বিধানসভাৰ বাহিৰে-ভিতৰে চৰ্চা চলি আছে এই সমূহত ধন খৰচ কৰাতকৈ নিবনুৱাক সহায় কৰা উচিত। আনহাতে ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi) কয়- ”যিসময়ত মানুহে খাবলৈ পোৱা নাই, সেই সময়ত ভেনিটি ভেন আনিছে, এতিয়া মন্ত্ৰী-বিধায়কে তাত গৈ কি মেকআপ কৰিব নেকি?”।
অধ্যক্ষই আচলতে বিধায়কসকলে পিটন খোৱাৰ বুদ্ধি কৰিছে । মই ভাবো এইবিলাক কিনা-মেলাৰ অন্তৰালত কমিছনৰ অংক আছে । “ভেনিটী ভান দেখি বিচুৰ্তি খাইছে বিৰোধী দল এ আই ইউ ডি এফো । দলটোৰ জ্যেষ্ঠ বিধায়ক ৰফিকুল ইছলামে কলে – “এইবোৰ দেখি আচৰিত লাগিছে । কোটি কোটি টকা এইবিলাকৰ নামত ব্যয় কৰাতকৈ যদি নিবনুৱাক সকাহ দিবলৈ ব্যৱহাৰ কৰিলেহেতেন ভাল পালোহেতেন । অৰ্থহীন কামত এইদৰে ধন ব্যয় কৰি থকা হৈছে ।