বুধবাৰে সদনত দাখিল কৰা হয় ২০২২-২৩ বৰ্ষৰ বাজেট । এই বাজেটত উচ্চ শিক্ষাৰ অনুষ্ঠানৰ বাবে বিত্তীয় অনুদান ঘোষণা কৰা হৈছে ।
বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত ৬ খন বিশ্ববিদ্যালয়ৰ বাবে ৫০ কোটিকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । মাজুলী বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়লৈ আগবঢ়োৱা হৈছে এই অনুদান । ইয়াৰ উপৰি মাধৱদেৱ বিশ্ববিদ্যালয়, বীৰংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়লৈও আগবঢ়োৱা হৈছে এই অনুদান ।
আনহাতে ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই বাজেটত । মুঠ ৭ খন এনে মহাবিদ্যালয়লৈ ১০ কোটিকৈ টকাৰ অনুদান আগবঢ়োৱা হৈছে । এই অনুদান লাভ কৰিব ক্ৰমে, শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাওঁ মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু নগাওঁ মহাবিদ্যালয়ে ।
ইপিনে গুৱাহাটী বিশ্ববিদ্যালয়ত ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰৰ বাবে ২৫ কোটি টকা,অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়লৈ ১৫ কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ৯ খন মহাবিদ্যালয় উন্নীতকৰণৰ বাবে ২৫ কোটি টকা, আন্তঃগাঁথনি উন্নয়নৰ বাবে টি আই এছ এছলৈ ১৫ কোটি টকা আগবঢ়োৱা হৈছে ।সেইদৰে হাফলং মহাবিদ্যালয়ত বিজ্ঞান ব্লক নিৰ্মাণৰ বাবে ১০ কোটি টকাৰ অনুদানৰ কথাও ঘোষণা কৰা হৈছে বাজেটত ।