ৰাজনৈতিক উচ্চাকাংক্ষা? ভূৰাজনৈতিক পাশাখেল? গণতন্ত্ৰ ৰক্ষা? ইউক্ৰেইনত লগা যুদ্ধখনৰ কাৰণ কি? পশ্চিমীয়া সংবাদ মাধ্যমক বিশ্বাস কৰিলে এনেকুৱা লাগিব যেন ভ্লাডিমিৰ পুটিন নামৰ দৈত্য এটাই ইউক্ৰেইন গ্ৰাস কৰিব ওলাইছে নিজৰ উচ্চাকাংক্ষাৰ বাবে ৷ ৰাছিয়ান সংবাদ মাধ্যমে কৈছে যে আমেৰিকা আৰু নাটো শক্তিয়ে নব্য সাম্ৰাজ্যবাদী ষড়যন্ত্ৰৰে ইউক্ৰেইনত চলাইছে উৎপীড়ন ৷ যুদ্ধৰ কাৰণ দুয়ো পক্ষৰ বাবে সেয়াই ৷ কিন্তু যদি গভীৰভাৱে এই অঞ্চলটোত বিগত বছৰকেইটাত চলি থকা কাৰ্যকলাপ মন কৰা যায় তেন্তে আমি গম পাম ইয়াৰ কাৰণ আন একো নহয় ৷ বৰং অৰ্থনৈতিক আধিপত্য বিস্তাৰৰ খেলহে ৷
সেই বিষয়ে আলোচনা কৰাৰ পূৰ্বে কিছু উভতি যাওঁ আহক । ‘৯০ৰ দশকত ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত বহু বছৰৰ অৰ্থনৈতিক সংকট আৰু আভ্যন্তৰীণ সংঘাতৰ মুখামুখি হ’ব লগা হৈছিল ৰাছিয়া ৷ কিন্তু পুটিনৰ নেতৃত্বত এতিয়া ৰাছিয়া বিশ্বৰ অন্যতম Energy giant ৷ বিশ্বৰ দ্বিতীয় বৃহত্তম তেল উৎপাদনকাৰী৷ বিশ্বৰ দ্বিতীয় বৃহৎ প্ৰাকৃতিক গেছ উৎপাদনকাৰী ৷ শক্তি ৰাজহ ব্যৱহাৰ কৰি ৰাছিয়াই ৬৩০ বিলিয়ন ডলাৰৰ বিদেশী বিনিময় পুঁজি গঠন কৰিবলৈ সক্ষম হৈছে ৷ বিশ্বই প্ৰতি বেৰেলত ৭০ ডলাৰত খাৰুৱা তেল বেচাৰ সময়ত ৰাছিয়াই ৪৫ ডলাৰত তেল বেচি নিজৰ বাজেটত ঘাটি কমাই ভাৰসাম্য আনিছে ৷
ইয়াৰ মাজতে বিগত কিছুমাহ ধৰি পশ্চিমীয়া সংবাদ মাধ্যমত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি বাতৰি প্ৰকাশ পালে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইউৰোপৰ মিত্ৰশক্তিক সকীয়নি দিবলৈ আৰম্ভ কৰিলে ৷ জাৰ্মান চেঞ্চেলৰৰ সৈতে ৭ ফেব্ৰুৱাৰীত হোৱা বৈঠকত ইউক্ৰেইন আক্ৰমণ কৰিলে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা অনাৰ পোষকতা কৰিলে ৷
আমেৰিকাৰ এই তৎপৰতাৰ কাৰণ কোনৰ গণতান্ত্ৰিক প্ৰমূল্য ৰক্ষা নাছিল । আমেৰিকাই জানিছিল যে তেওঁলোকে ভাল নাপালেও ৰাছিয়াই ইউৰোপত নিজৰ আধিপত্য বিস্তাৰ কৰাত সফল হৈছিল৷ তাৰ কাৰণ আছিল দুটা ৷ ইউৰোপীয়ান ইউনিয়নৰ আমেৰিকা তথা বৃটেইনবিৰোধী ৰাজনীতি আৰু ৰাছিয়াৰ সস্তীয়া তেল আৰু গেছ ৷
বহুতে নাজানিলেও মধ্য ইউৰোপৰ বহু দেশ বিশেষকৈ জাৰ্মানী ৰাছিয়াৰ সস্তীয়া শক্তিৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল ৷ ফলত আমেৰিকাই ভাবি লৈছিল যে নিজাববীয়াকৈ হেচাঁ নিদিলে এই দেশবোৰে ৰাছিয়াৰ বিৰুদ্ধে থিয় নিদিব ৷ সামগ্ৰিকভাৱে ইউৰোপৰ এক তৃতীয়াংশ প্ৰাকৃতিক গেছৰ চাহিদা পূৰণ কৰে ৰাছিয়াই । লগতে এক তৃতীয়াংশ খাৰুৱা তেলৰ বাবেও ইউৰোপীয়ান ইউনিয়নে ৰাছিয়াৰ ওপৰত নিৰ্ভৰ কৰে ৷ সেয়ে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞাই এই দেশবোৰক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰাৰ আশংকা আছিল ৷ ইউৰোপৰ বৃহত্তম অৰ্থনীতি জাৰ্মানীয়ে ব্যৱহাৰ কৰা আধাতকৈ বেছি প্ৰাকৃতিক গেছ ৰাছিয়াৰ ৷ ৩০ শতাংশতকৈ অধিক খাৰুৱা তেল ৰাছিয়াৰ ৷ ফ্ৰান্সেও নিজৰ জীৱাশ্ম ইন্ধনৰ চাহিদা ৰাছিয়াৰ ইন্ধনেৰে পূৰ কৰে ৷
উচ্চাকাংক্ষী নেতা পুটিনে ইউৰোপত নিজৰ প্ৰভাৱ বৃদ্ধিৰ বাবে সুচতুৰভাৱে ভূৰাজনীতিৰ লগত নিজৰ অৰ্থনৈতিক নীতি চামিল কৰিছে ৷ উদাহৰণস্বৰূপে ইউক্ৰেইনত ২০০৪ত ৰাছিয়াৰ সমৰ্থনপুষ্ট চৰকাৰৰ পতনৰ পাছত ৰাছিয়াই দেশখনৰ পৰা পূৰ্বৰ কম মূল্যৰ সলনি গেছৰ সম্পূৰ্ণ বজাৰমূল্য বিচাৰে ৷ ইউক্ৰেইনে সেয়া অস্বীকাৰ কৰাত ৰাছিয়াই পাইপলাইনেৰে গেছ যোগান কমাই দিয়ে যাতে কেৱল পশ্চিম ইউৰোপৰ আন দেশবোৰে পায় ৷ ইয়াৰ উদ্দেশ্য আছিল এনে এটা ধাৰণা গঢ় দিয়া যে ইউক্ৰেইন গেছ পৰিবহনৰ বিশ্বাসযোগ্য দেশ নহয়। লগতে এই ইচ্ছাকৃত সংঘাতেৰে ৰাছিয়াই জাৰ্মানীলৈ পোনপটীয়াকৈ গেছ যোগান ধৰিব পৰা nord stream পাইপলাইন নিৰ্মাণৰ বাবে সমৰ্থনো আদায় কৰে ৷
২০১১ত কাৰ্যক্ষম হোৱা nord stream পাইপলাইনৰ দ্বাৰা উত্তৰ পশ্চিম ৰাছিয়াৰ পৰা বাল্টিক সাগৰ হৈ জাৰ্মানীলৈ গেছ যোগান ধৰিবলৈ আৰম্ভ কৰে ৰাছিয়াই ৷ ইয়াৰ বাবে ইউক্ৰেইনে বছৰি ৭২০ নিযুত ডলাৰৰ পৰিবহন মাচুল হেৰুৱায় ৷ লগতে ২০২০চন পৰ্যন্ত ৰাছিয়াই জাৰ্মানীক যোগান ধৰা গেছৰ পৰিমাণ ৭৫ শতাংশ হয়গৈ ৷ এইদৰেই Nord streamৰ দ্বাৰা ইউৰোপত বাজীমাৎ কৰে পুটিনে ৷
ইয়াৰ পাছত ৰাছিয়াই আৰম্ভ কৰে Nord Stream 2 য’ত জাৰ্মানীৰ চৰকাৰে অনুমোদন জনায় আৰু ২০২১ত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয়। কিন্তু আমেৰিকাৰ হেচাঁৰ বাবে ইয়াৰ অনুমোদনত বিলমৱব ঘটে ৷ আমেৰিকাৰ হেচাঁৰ বাস্তৱিক কাৰণ আছিল ৷ এই পাইপলাইন কাৰ্যক্ষম হ’লে ইউক্ৰেইনক বাদ দি ৰাছিয়াই জাৰ্মানীৰ লগতে আন দেশবোৰলৈ সুকলমে গেছ যোগান ধৰিব পাৰিব ৷ ফলত ইউক্ৰেইন বা পোলেণ্ডৰ দৰে দেশৰ সহায়ত আমেৰিকাই ৰাছিয়াক পণবন্দী কৰি ৰাখিব নোৱাৰিব ৷ Nord Stream 2 হ’ব ইউৰোপীয়ান ইউনিয়নক বিভাজিত কৰাৰ বাবে পুটিনৰ সবাতোকৈ দুঃসাহসিক খোজ ৷ জাৰ্মানীৰ লগতে অষ্ট্ৰিয়া, বেলজিয়াম আৰু নেদাৰলেণ্ডৰ সৈতে মিত্ৰতাৰ বাবে ৰাছিয়াই চেষ্টা চলাই আছে য’ত Nord Stream 2 হ’ব এক সুৱৰ্ণ সুযোগ ৷ ইতিমধ্যে সংঘাত আৰম্ভ হোৱাৰ মাজতো হাংগেৰীৰ সৈতে শক্তি যোগানৰ চুক্তি কৰিছে দেশখনে ৷ সেয়ে Nord Stream 2 কাৰ্যক্ষম হোৱাৰ লগে লগে ইউক্ৰেইনক ঢাল কৰি ২০১৪ৰ পৰা ৰাছিয়াক নিয়ন্ত্ৰণ কৰাৰ এক ট্ৰাম্পকাৰ্ড হেৰুৱালেহেঁতেন আমেৰিকাই ৷ সেইবাবেই তাৰ পূৰ্বেই Nord Stream 2 সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ ব্লুপ্ৰিণ্ট ৰচিছিল বাইডেন প্ৰশাসনে ৷ ২২ ফেব্ৰুৱাৰীত আমেৰিকাই জাৰ্মানীক Nord Stream 2 যাতে কাৰ্যক্ষম নহয় তাৰ বাবে হেচাঁ দিছিল৷
আমেৰিকাই ইউক্ৰেইন চৰকাৰক ৰাছিয়াৰ প্ৰভাবপুষ্ট ডনেস্ক আৰু লুহান্স্ক পুনৰ দখলৰ বাবে সহায় কৰাৰ পূৰ্ণ সম্ভাৱনা আছিল ৷ সেয়ে তাৰ পূৰ্বেই পুটিনে নিজৰ সেনাক উক্ত অঞ্চলটোত প্ৰৱেশৰ নিৰ্দেশ দিয়ে যাতে ইউক্ৰেইনৰ সেনা আক্ৰমণৰ পৰা বিৰত থাকে ৷ কিন্তু আমেৰিকাই ইতিমধ্যে ইউৰোপীয়ান ইউনিয়নৰ নেতৃত্বৰ মাজত Nord Stream 2 বন্ধ কৰাৰ বাবে জনমত সৃষ্টি কৰাত সক্ষম হৈছে ৷
হয়তো আমেৰিকাৰ ফালেই এই মুহূৰ্তত বতাহ বলিছে । হয়তো গণতন্ত্ৰ বা মানৱতা ৰক্ষাৰ অহৰহ প্ৰচাৰো বহুতে বিশ্বাস কৰিছে ৷ কিন্তু এই অনাকাংক্ষিত যুদ্ধৰ প্ৰকৃত কাৰণ ৰাছিয়াৰ ইউৰোপৰ বজাৰ তথা ক্ষমতা দখলৰ উচ্চাকাংক্ষা আৰু তাক বাধা দিয়াৰ বাবে আমেৰিকাৰ তৎপৰতা ৷ Nord Stream 2 যাতে বাস্তৱায়িত নহয় তাৰ বাবেই ইউক্ৰেইন আজি জ্বলিছে ৷ তাৰ মূল্য কেৱল ৰাছিয়াই নহয়, ইউৰোপেও দিব লাগিব ৷