এটা নেমুটেঙা বজাৰত ১০ ৰ পৰা ১৫ টকাত বিক্ৰী কৰা হৈছে। আনফালে, কৰোনা কালত নেমুৰ চাহিদা অধিক বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে, নেমুটেঙা ভিটামিন-চি ৰে সমৃদ্ধ। বিশেষজ্ঞসকলৰ মতে, ভিটামিন-চি হৈছে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে ওজনৰ এক মিশ্ৰণ। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ সাধাৰণ জনতা আগৰ তুলনাত বহুত বেছি স্বাস্থ্য সচেতন হোৱা দেখা গৈছে। কিন্তু, নেমুটেঙাৰ সলনি, কোনবোৰ পাচলিয়ে শৰীৰত ভিটামিন-চিৰ অভাৱ পূৰণ কৰিব পাৰে, আপুনি জানেনে?
চিকিৎসকৰ পৰামৰ্শ অনুসৰি, এজন ব্যক্তিক প্ৰতিদিনে ৯০ মিঃগ্ৰাঃ ভিটামিন-চি ৰ প্ৰয়োজন। নেমুত প্ৰায় ৬০ মিঃগ্ৰাঃ ভিটামিন-চি থাকে। ইয়াৰ উপৰিও, আন বহুতো পাচলিত ইয়াতকৈ অধিক ভিটামিন-চি থাকে। সেইবোৰ কি আহকচোন চাও?
১) মধুৰিআম – এটা মধুৰিআমত ৩৭৭ মিঃগ্ৰাঃ ভিটামিন-চি থাকে। প্ৰতিদিনে এটা কৈ মধুৰিআম খালেও শৰীৰৰ বাবে যথেষ্ট লাভজনক হ’ব।
২) পকা অমিতা – পকা অমিতাত ৯৫.৬ মিঃগ্ৰাঃ ভিটামিন-চি থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে হাড়ৰ বিষ হ্ৰাস কৰাত সহায় কৰে।
৩) ব্ৰকলি – এক কাপ ব্ৰকলিত ৮১.২ মিঃগ্ৰাঃ ভিটামিন-চি থাকে।
৪) বন্ধাকবি – ইয়াত ৮০ মিঃগ্ৰাঃ ভিটামিন-চি থাকে।
ইয়াৰ উপৰিও, ফুলকবি, শালগমতো উচ্চ পৰিমাণৰ ভিটামিন চি থাকে।