ছ’চিয়েল মিডিয়া হোৱাটছএপে ৱ্যৱহাৰকাৰী সকলৰ বাবে এটা নতুন সুবিধা লৈ আহিছে। সুবিধাটোৱে এপ্পটোত ব্যক্তিগত গোপনীয়তা সুৰক্ষিত কৰাটো সহজ কৰি তুলিব।
মঙলবাৰে মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ফেচবুক যোগে এই খবৰটো প্ৰদান কৰে।
ফেচবুক পোষ্ট যোগে তেওঁ কয় যে, হোৱাটছএপলৈ এটা নতুন গোপনীয়তা সুবিধা আহি আছে। এতিয়াৰে পৰা কোনোবাই গ্ৰুপৰ পৰা ওলাই আহিলেও হোৱাটছএপে কোনো জাননী প্ৰদৰ্শন নকৰিব।
যদি আপুনি অনলাইন থাকে তেন্তে আপুনি অনলাইন থকা বুলি কোনে দেখা পাব বা কোনে দেখা নাপাব তাক নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ উপৰিও, মেছেজৰ স্ক্ৰীণশ্বট লোৱাৰ সুযোগো বন্ধ কৰিব পাৰিব।
ইয়াৰ উপৰিও, হোৱাটছএপে একাউণ্টটো সুৰক্ষিত ৰাখিবলৈ লগইন অনুমোদনৰ সুবিধাও মুকলি কৰিছে। যেতিয়া ব্যৱহাৰকাৰীসকলে আন এটা স্মাৰ্টফোন বা কম্পিউটাৰৰ পৰা কাৰোবাৰ হোৱাটছএপ একাউণ্টত প্ৰৱেশ কৰিব বিচাৰে তেতিয়া হোৱাটছএপে একাউণ্ট ব্যৱহাৰকাৰীলৈ এটা সতৰ্কবাৰ্তা প্ৰেৰণ কৰিব।
ইয়াৰ পূৰ্বে জুন মাহত মাৰ্ক জুকাৰবাৰ্গে এণ্ড্ৰইড স্মাৰ্টফোনৰ পৰা আইফোনলৈ হোৱাটছএপ মেচেজ, ছবি, ভিডিঅ’ আৰু অডিঅ’ মেচেজ প্ৰেৰণ কৰাৰ সুযোগ মুকলি কৰাৰ কথা ঘোষণা কৰে।