- ২৭ আগষ্টৰ পৰা ইউ.এ.ইত অনুষ্ঠিত হ’ব এছিয়া কাপ- ২০।
- কিন্তু, ভাৰতীয় দলৰ এতিয়াও খেলুৱৈ বাচনি প্ৰক্ৰিয়া অব্যাহত আছে।
- ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন কে.এল ৰাহুল যোৱা কেইমাহমান ধৰি অসুস্থ হৈ আছে।
- এইবাৰ এছিয়া কাপত কোন খেলুৱৈয়ে খেলিব সেয়া এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে।
- ভাৰতৰ ১৫ গৰাকী খেলুৱৈৰ ভিতৰত কে.এল ৰাহুলৰ দুৰ্দান্ত বেটিঙে দৰ্শকৰ মন আকৰ্ষন কৰিছিল।
- কিন্তু, এছিয়া কাপ টুৰ্নামেন্ট খেলিবলৈ কে.এল ৰাহুল ইউ.এ.ই লৈ যাব নে নাই তাক লৈ এতিয়াও সিদ্ধান্তত উপনীত হ’ব পৰা নাই বি.চি.চি.আই।
- প্ৰথমে ৰাহুলে কৰাব লাগিব স্বাস্থ্য পৰীক্ষা। তাৰ পিছতহে, সিদ্ধান্ত লোৱা হ’ব কে.এল ৰাহুল এছিয়া কাপ- ২০ ত খেলিবনে নাই।