ট্ৰেফিক নিয়ম ভংগ কৰিলে ‘ঝুকেগা নেহী’ বুলি কলেও এৰি দিয়া নহ’ব । যদি আপুনি ট্ৰেফিক নিয়ম ভংগ কৰে, আপুনি মাচুল পৰিশোধ কৰিবই লাগিব। আপুনি সাধাৰণ মানুহেই হওঁক অথবা কোনোবা ছুপাৰ ষ্টাৰ। হায়দৰাবাদ আৰক্ষীৰ এই কঠোৰ নিয়ম ।
উল্লেখ্য যে, আল্লু অৰ্জুনে নিয়ম ভংগ কৰাৰ বাবে পৰিশোধ কৰিব লগা হ’ল জৰিমনা। ‘পুষ্পা’ ছবিত ‘ঝুকেগা নেহী’ সংলাপেৰে দৰ্শকৰ মন জয় কৰা আল্লু অৰ্জুনে হায়দৰাবাদ আৰক্ষীক পৰোশোধ কৰিব লগা হ’ল ৭০০ টকাৰ জৰিমনা।
তেলেংগানা প্ৰদেশ আৰক্ষীয়ে দক্ষিণৰ তাৰকা অভিনেতা আল্লু অৰ্জুনৰ বিলাসী ৰেঞ্জ ৰভাৰ এছইউভি গাড়ীখনত ক’লা ৰঙৰ গ্লাছ ব্যৱহাৰ কৰাৰ বাবে জৰিমনা বিহিছে বুলি জানিব পৰা গৈছে । ভাৰতত গাড়ীৰ খিৰিকীত ক’লা পেপাৰ ব্যৱহাৰ নিষিদ্ধ। ফলশ্ৰুতিত সমগ্ৰ দেশত ‘পুষ্পৰাজ’ চলোৱা আল্লু অৰ্জুনে ৭০০ টকা জৰিমনা হিচাপে দিব লগা হ’ল আৰক্ষীক।