কুলিয়ে আনিলে বসন্তৰ বাতৰি । হেপাঁহৰ বহাগীয়ে বাট বুলিলে আমাৰ পদূলিত । বিহুটি আমাৰ বাপতি সাহোন মৰমৰ আদৰৰ ।
সমগ্র অসমতে সর্বত্রে এতিয়া চলিছে অসমীয়াৰ বাপতি সাহোন ৰঙালীৰ প্ৰস্তুতি। ৰঙালী বিহুক লৈ ব্যস্ততাৰ সীমা নোহোৱা হৈছে । গাঁৱৰ জীয়ৰী – বোৱাৰী, ডেকা গাভৰুসকল ব্যস্ত নিজনিজ কামত । এফালে যদি মাকোৰ শব্দ ,আনফালে আকৌ ঢোল – পেঁপাৰ শব্দত ৰজনজনাইছে সমগ্ৰ ৰাজ্য ।
বিহু হৈছে কৃষিৰ লগত জড়িত উৎসৱ । এনে উৎসৱত অসমীয়া সমাজ জীৱনৰ কিছুমান এৰাব নোৱাৰা পৰম্পৰা থাকে । কিন্তু সময়ৰ গতিত তথা আধুনিকতাৰ ধামখুমীয়াত এনেবোৰ পৰম্পৰা চকুৰ সন্মুখতে হেৰাই যাবলৈ ধৰাত অসমীয়া সমাজখনৰ বাবে দুর্ভাগ্যজনক ।
এই ব’হাগ বিহুৰেই এটা অতি এৰাব নোৱাৰা পৰম্পৰা হৈছে ১০১ বিধ শাক খোৱা । সাধাৰণতে ব’হাগৰ বিহুৰ বতৰত খোৱা এনে শাকৰ ঔষধি গুণে জ্বৰ , কাহ , চর্দি আদিৰ উপশম ঘটায় বুলি অসমীয়া সমাজত জনবিশ্বাস আছে । উজনি অসমৰ লগতে নামনি অসমত এনে এশ এবিধ শাক খোৱাৰ প্ৰচলন বিদ্যমান ।
ব’হাগ মাহত মহিলাসকলে মূৰত শৰাই লৈ গীত গাই পথাৰত শাক তুলিব যায় আৰু এটুকুৰা ঠাইত থাপনা পাতি চাকি বন্তি জ্বলাই চেনি আৰু নিমখৰ নৈবেদ্যৰে নাম-কীর্তন কৰি আনন্দ উল্লাসেৰে শাক তোলে । এই এশ এবিধ শাক ঠাই বিশেষে বেলেগ বেলেগ।ব’হাগ মাহৰ যিকোনো এটা দিনত এই এশ এবিধ শাক খোৱাৰ পৰম্পৰা এটা আছে । কোনো কোনো ঠাইত গৰু বিহুৰ দিনাখন সন্ধিয়া এনে বনৌষধি শাক খোৱা হয় । সাধাৰণতে সহজতে পোৱা শাকেই ব্যৱহাৰ কৰা হয় ।
ব’হাগত খোৱা এই শাক কেইবিধ হ’ল জাতিলাউ , বেঁকীয়া , চেংমৰা , ভাত মেটেকা , বিহলঙণি , বৰপুৰৈ , লাচকচি , মধুৰি , মৰাণ আদা , কলা শিমলু , চাংগুৰি টেঞ্জ , মধুসালেং , লৰবৰুৱা , ধুটনি , হেলচি শাক , ৰঙালাউ , কলমৌ , মেচাকি , কচলু , মেজেঙা , কোমাৰা কাবৰি , বালি চাপৰি , লফা , চুটিয়া , পালেং , লাই শাক , মেমধু , চলাপালেং , খুতুবা , মাটিমাহ , বেঙেনা , কেৰেলা , জালুক , ভেকুৰী , জিকা , ধুন্দুলি , ভালে , বিলাহী , ভাতকেৰেলা , কলিয়াকচু , দাদাহক , নীলকণ্ঠ , চা , কৰ্শলা বন , জেটুলিপকা , দীঘলতি , জেকা , আনাৰস , দুৱৰি , তুলসী , বৰ মানিমুণি , সৰুমানিমুণি , কুকুৰে মতা , মানভোগ , পনৌনোৱা , তিতাবাহেক , পিকনিবৰুৱা , কৈ – কৈ টেঙা , বনি লতা , উচ্চ , ভেদাইলতা , হেটভেদালি , গান্ধ বিৰিণা , খেৰেজু , বহমথুৰি , তিল , তেতেলি , কেহৰাজ , শেলুক , কেহেৰু , বেতগাজ , তংলতি , সেউতি , তগৰ , খৰিকাজাই , পাৰিজাত , বকুল , কণ্ঠনা , নাহৰ , কপৌফুল , কেক্কেী , চিংৰা , দ্রোণফুল , কেঁতুৰী , লং , গুৱামানি , পদুম , ফুটুক , আদা , এডালিয়া কচু , কচু , বিৰিণা , বছ , মাধেলতা ইত্যাদি । শাকসমুহৰ সলনি অন্য শাকো ব্যৱহাৰ কৰে বহুতে ।
অসমীয়া সমাজত চলি অহা এনে লোক পৰম্পৰাই সংস্কৃতিক জীয়াই ৰখাৰ লগতে ই ঐতিহ্যও বহন কৰে।এয়াই আমাৰ পৰম্পৰা , আমাৰ কৃষ্টি আমাৰ পৰম্পৰা আমি সকলোৱে জীয়াই ৰাখিবলগীয়া আমাৰ আদৰৰ মৰমৰ হেপাঁহৰ ৰঙালী বিহু ।