কলিয়াবৰৰ কুঠৰীত এক চাঞ্চল্যকৰ ঘটনাৰ সৃষ্টি হৈছে। উমেশ বৰা নামৰ লোকজনৰ শৌচাগাৰৰ টেংকীত উদ্ধাৰ হৈছে এটা নৰ কংকাল। উদ্ধাৰ হোৱা কংকালটো ঘৰখনৰ মুৰব্বী উমেশ বৰাৰে বুলি সন্দেহ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে।
উল্লেখ্য যে, যোৱা তিনিমাহ ধৰি সন্ধানহীন হৈ আছিল উমেশ বৰা। সন্ধানহীন হোৱাৰ পিছতে পত্নীয়ে আৰক্ষীক এই সম্পৰ্কে অৱগত কৰে। ইয়াৰ পিছতেই কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। শৌচাগাৰৰ টেংকীৰ পৰা কংকালটো উলিয়াই অনাৰ পাছত উমেশ বৰাৰে কংকাল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
তদন্ত কৰাৰ পিছত, আৰক্ষীয়ে উমেশ বৰাৰ পত্নীয়ে মজিবুৰ ৰহমান নামৰ এজন ব্যক্তিৰ লগত লগ হৈ স্বামীক হত্যা কৰি শৌচাগাৰৰ টেংকীত পুতি থোৱা বুলি সন্দেহ কৰিছে। পৰকীয়া প্ৰেমৰ পৰিণতিতে উমেশ বৰাৰ হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে। আৰক্ষীয়ে ইতিমধ্যে উমেশ বৰাৰ পত্নীৰ লগতে মজিবুৰ ৰহমান নামৰ লোকজনক আটক কৰিছে।