কণী খাই ভাল নোপোৱা ব্যক্তি হয়তো কতো পোৱাই নাযাব। কণীৰ মূল্য কম আৰু ই পুষ্টিৰে পৰিপূৰ্ণ। সেয়ে, পুষ্টিবিদসকলে প্ৰতিদিনে কণী খাবলৈ পৰামৰ্শ দিয়ে। ভিটামিন-ডি, ভিটামিন-বি, জিংক, কেলচিয়াম এই সকলোবোৰৰ কণীত যথেষ্ট পৰিমাণে থাকে। কিন্তু, এইটো উৰাবাতৰি যে গ্ৰীষ্মকালত, দুটাতকৈ অধিক কণী খোৱা উচিত নহয়।
বহুলোকে গৰমৰ দিনত কণীৰ কুহুম নাখাবলৈ পৰামৰ্শ দিয়ে। কিয়নো, কণীৰ কুহুমে শৰীৰৰ উষ্ণতা বৃদ্ধি কৰাত সহায় কৰে। অত্যাধিক গৰমত দুটাতকৈ অধিক কণী খালে হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। হজমৰ সমস্যাও দেখা দিব পাৰে।
পুষ্টিবিদসকলৰ মতে, কণীৰ কুহুমতো যথেষ্ট খাদ্যগুণ থাকে। কণীৰ বগা অংশত গোটেই কণীটোত থকা প্ৰ’টিনৰ ৫০ শতাংশ থাকে। আনহাতে, কণীৰ কুহুমত গোটেই কণীটোত থকা কেলচিয়াম আৰু লোৰ ৯০ শতাংশ থাকে। গতিকে, যদি আপুনি কুহুমটো বাদ দিয়ে, শৰীৰপ্ৰয়োজনীয় পুষ্টিৰ পৰা বঞ্চিত হ’ব।
ইয়াৰোপৰি, কণীৰ কুহুমত অধিক পৰিমাণৰ কলেষ্টেৰলৰ লগতে ফলেট আৰু ভিটামিনও থাকে। যিটো চকু আৰু মগজুৰ বাবে অতি উপকাৰী। অৱশ্যে, টাইপ-২ ডায়বেটিচ থকা সকলৰ বাবে কণী খোৱাৰ আগতে পুষ্টিবিদৰ পৰামৰ্শ লোৱা প্ৰয়োজন।