• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আকৌ বিটিআৰ প্ৰধান হ’ব নেকি হাগ্ৰামা মহিলাৰী ?

নিউজ ডেস্ক by নিউজ ডেস্ক
May 11, 2022
in News, অসম, সংবাদ
1 min read
0
আকৌ বিটিআৰ প্ৰধান হ’ব নেকি হাগ্ৰামা মহিলাৰী ?
Share on FacebookShare on Twitter

আকৌ হাগ্ৰামা মহিলাৰীৰ কথা। বিটিআৰ প্ৰধান বুলি প্ৰমোদ বড়োৰ নামটো মুখস্থ হ’বলৈ নৌপাওতেই আকৌ হাগ্ৰামা মহিলাৰী বিটিআৰৰ প্ৰধান হৈ উভতিবলৈ যো-জা চলাইছে। এতিয়া ৰাজ্যত নিৰ্বাচনৰ পৰিৱেশ নিজম পৰিছে। নিৰ্বাচনত জিকাসকলে লাহে লাহে গা-টঙাই লৈ কামে কাজে হাত দিছে। তথাপি ৰাজ্যৰ ৰাজনীতি গৰম কৰিবলৈ আকৌ আহিছে হাগ্ৰামা মহিলাৰী।

বিটিআৰৰ ৰাইজ বা আপুনি মই বিচাৰিলেও কথা বেলেগ আছিল। এতিয়া বিটিআৰৰ মুঠ ২৩ জন পাৰিষদে বিচাৰিছে আকৌ হাগ্ৰামাই হওক বিটিচি চীফ। বৰ্তমানৰ ৪০ খন আসনৰ বিটিআৰত বিগত নিৰ্বাচনত সংখ্য়াগৰিষ্ঠ একক দল হৈয়ো ক্ষমতা এৰি দিবলগীয়া হৈছিল হাগ্ৰামাই। ১৭ খনকৈ খনকৈ আসন লাভ কৰিও 11 খন আসন পোৱা প্ৰমোদ বড়োৰ ইউপিপিএলক বিটিআৰ এৰি দিবলগীয়া হৈছিল।

পাতনি নেমেলি সৰল কৰি কৈছো। পুনৰ বিটিআৰ নিজৰ হাতলৈ নিবলৈ তৎপৰ হৈছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ।

প্ৰমোদ বড়োক ওফৰাই বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদত পুনৰ বহিবলৈ সাজু হৈছে হাগ্ৰামা মহিলাৰী। বড়ো ৰাজনীতিৰ অভিকেন্দ্ৰ বিটিআৰৰ মুঠ ২৩ গৰাকী পাৰিষদে হাগ্ৰামা মহিলাৰীলৈ মুকলি সমৰ্থন আগবঢ়োৱাৰ প্ৰস্তুতি চলাইছে। অৰ্থাৎ প্ৰমোদ বড়োৰ অধ্যায় শেষ কৰিবলৈ সাজু হৈছে তেওঁৰেই একাংশ পাৰিষদ।

বিপিএফৰ পৰা বিজেপিলৈ যোৱা পৰিষদে উভতি অহাৰ মন মেলিছে। হাগ্ৰামাই বিপিএফলৈ উভতি আহিবলৈ দুৱাৰ খুলি দিলে আৰু কেতিয়াও দল ত্যাগ নকৰো বুলি শপতনামা দিবলৈও সাজু আছে একাংশ পাৰিষদ। এইবোৰ কথা আমি লাভ কৰা খবৰ নহয়। এইবোৰ ভাষ্য। বিধায়ক দুৰ্গা দাস বড়োৰ ভাষ্য।

এতিয়া ক’বলৈ লোৱাখিনি ভাষ্য নহয় খবৰ। দুমাহ পূৰ্বে বিপিএফ নেতৃবৰ্গই গুৱাহাটীলৈ আহি মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক সাক্ষাত্ কৰি এনেবোৰ কথাৰেই পূৰ্বানুমান দি গৈছিল। অনাগত সময়ত বিজেপিৰ লগত থাকি ৰাজ্যৰ উন্নয়নত মনোনিবেশ কৰাৰ ইচ্ছা ৰাজহুৱাকৈ কৈ গৈছিল। অৰ্থ এয়াই আছিল যে একাধিক বিজেপি পাৰিষদে প্ৰমোদ বড়োৰ পৰা সমৰ্থন স্থানান্তৰ কৰাৰ মন মেলিছে। কেৱল সেয়াই নহয়, দুই এটা দিনৰ ভিতৰতে ২৩ ৰ পৰা ২৫ জনীয়া পাৰিষদৰ তালিকা লৈ হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাত্ কৰিব। ৰাজ্যপালক সাক্ষাত্ কৰাৰ পূৰ্বে কথা পাতিব লাগিব মুখ্যমন্ত্ৰীৰ সৈতে। কাৰণ তেওঁলোকে হেনো হিমন্ত দাদাক বাইপাছ নকৰে। দাদাৰ পৰামৰ্শমতেই হাগ্ৰামা মহিলাৰীয়ে বিটিআৰৰ দায়িত্ব ল’ব।

বিপিএপৰ নেতা তথা বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী ধীৰেণ বড়োৱেও কৈছে – শীঘ্ৰেই বড়ো ভূমিত পট পৰিৱৰ্তন হ’ব। আপাততঃ বড়োভূমিৰ ৰাজনীতিত সকলো ঠিকে থাকিলেও হিমন্ত-হাগ্ৰামাৰ ঘনিষ্ঠতা পুনৰ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীয়ে কৈছে, বড়োভূমি একেই থাকিব। তথাপি ২৩-২৫ জনীয়া তালিকা দুই এদিনতে আহি পাবহি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। চীফৰ গাদীক কোন বহে আপোনালোকেও নজৰ ৰাখিব।

Previous Post

পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

Next Post

আপুনি নজনাকৈয়ে আপোনাৰ সন্তান মানসিক ৰোগত ভুগি আছে নেকি?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আপুনি নজনাকৈয়ে আপোনাৰ সন্তান মানসিক ৰোগত ভুগি আছে নেকি?

আপুনি নজনাকৈয়ে আপোনাৰ সন্তান মানসিক ৰোগত ভুগি আছে নেকি?

ফল-মূলৰ বাকলিৰে ছাল আৰু চুলিৰ যতন লওঁ আহক

ফল-মূলৰ বাকলিৰে ছাল আৰু চুলিৰ যতন লওঁ আহক

সাংবাদিকক পশ্চিমবংগ আৰক্ষীৰ দুৰ্ব্যৱহাৰ, সৰ্বত্ৰে গৰিহণা

সাংবাদিকক পশ্চিমবংগ আৰক্ষীৰ দুৰ্ব্যৱহাৰ, সৰ্বত্ৰে গৰিহণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8