স্বামীয়ে হত্যাৰ চেষ্টা কৰা গীতাশ্ৰীয়ে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে।
উল্লেখ্য যে, ২০১৭ চনৰ নৱেম্বৰত প্ৰদীপ তালুকদাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল গীতাশ্ৰী হাজৰিকা তালুকদাৰ নামৰ মহিলাগৰাকী । পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি বিবাহৰ কিছুদিনৰ পাছতেই গীতাশ্ৰীৰ ওপৰত শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলিছিল ৷ স্বামী প্ৰদীপ আৰু তেওঁৰ পৰিয়ালে গীতাশ্ৰীৰ ওপৰত চলাইছিল অকথ্য নিৰ্যাতন ৷ তাপৰ্যপূৰ্ণ কথা এয়ে যে এটি দুবছৰীয়া কন্যা সন্তানৰ মাতৃ আছিল গীতাশ্ৰী ।
গীতাশ্ৰীৰ ভাতৃৰ অভিযোগ মতে, ঘৰৰ পৰা প্ৰতিমাহে ১০ ৰ পৰা ১৫ হাজাৰ টকা দিয়া হৈছিল গীতাশ্ৰীক ৷ ইয়াৰ পাছতো পত্নী গীতাশ্ৰীৰ ওপৰত স্বামী প্ৰদীপ তালুকদাৰে নিৰ্যাতন চলাইছিল বুলি জানিবলৈ দিয়ে গীতাশ্ৰীৰ ভাতৃয়ে ৷ অভিযোগ মতে, মাজৰাতি ফেনত ওলোমাই হত্যাৰ চেষ্টা চলোৱা হৈছিল গীতাশ্ৰীক ৷ ইয়াৰ পিছতে স্বামীগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল গীতাশ্ৰীক ৷ ইয়াৰ পিছতেই সংকটজনক অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটীৰ GMCHত ভৰ্তি কৰোৱা হৈছিল গীতাশ্ৰীক ৷ অৱশ্যে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল যদিও জীৱন মৰণৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে গীতাশ্ৰীয়ে ৷এতিয়া প্ৰশ্ন হয়, প্ৰকৃত ন্যায় পাৱনে দুৰ্ভগীয়া গীতাশ্ৰীয়ে ? ইফালে স্বামী প্ৰদীপ তালুকদাৰক গ্ৰেপ্তাৰ কৰা হ’ল যদিও পৰিয়ালৰ বাকী থকা সদস্যক এতিয়াও গ্ৰেপ্তাৰ কৰা নাই ফটাশিল আৰক্ষীয়ে ৷