আজি বিশ্ব বৃক্ক দিৱস পালন কৰা হয় যোৰহাটত চিকিৎসা মহাবিদ্যালয়ত l
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কেইবাজনো জেষ্ঠ চিকিৎসকে বৃক্ক ৰোগৰ সাৱধানতা বিষয়ে মন্তব্য আগবঢ়ায় l
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৰোগী সকলক বিশ্ব বৃক্ক দিৱসৰ দিনা এই ৰোগৰ সাৱধানতা বিষয়ে চিকিৎসক সকলে বক্তব্য আগবঢ়ায়l
ইপিনে ডায়েলাইছিছৰ বিনামূলীয়াকৈ সেৱা আগবঢ়াই আহিছে l যোৰহাট চিকিৎসা মহাবিদ্যালয়ত লগতে এই সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে চিকিৎসক সকলে l
অৱশেষত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা পুণিমা বৰুৱাই মহাবিদ্যালয়ৰ চৌহদত গছ পুলি ৰোপন কৰে l
উক্ত সভা খনত ডাঃ পূৰ্ণিমা বৰুৱা,ডাঃ ৰঞ্জিত ভূঞা,ডাঃ দ্বীপজ্যোতি শইকীয়া,ডাঃ গণেশ বৰুৱা, ডাঃ সিদ্ধান্ত বৰুৱা,ডাঃ নিপুল কৰ্মকাৰ আৰু ডাঃ ৰণী বৰুৱা আদি উপস্থিত থাকে l