ৰ’দো দিছে বৰষুণো দিছে খৰা শিয়ালৰ বিয়া,
ঘৰচিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া
ঘৰচিৰিকা । এটি কণমানি চৰাই । ঘৰৰ মুধচৰ চুকে-কোণে কণমাণ বাহ একোটা, বাহৰ পৰা ঘনে ঘনে ওলোৱা-সোমোৱা কৰা ঘৰচিৰিকাহালি, সিহঁতৰ মোটোহা ঠোঁটটোত কঢ়িওৱা কণ কণ কুটাবোৰ চোৱাৰ আমেজ বহুতৰ বাবেই কিজানি সোণালী শৈশৱ ৷ পিছে কালৰ কুটিল গতিত এই আলসুৱা চৰাইবিধেই বৰ্তমান অস্তিত্বৰ সংকটত!
আজি ২০ মাৰ্চ ৷ অৰ্থাৎ বিশ্ব ঘৰচিৰিকা দিৱস ৷ বিশ্ব ঘৰচিৰিকা দিৱসৰ উদ্দেশ্য মাত্ৰ এটাই সমগ্ৰ বিশ্বতে সজাগতা বৃদ্ধি কৰি চৰাইবিধক সুৰক্ষা প্ৰদান কৰা ৷ কেইবছৰমান পূৰ্বে চৰাইবিধক দেখা গৈছিল প্ৰায়সংখ্যক লোকৰ ঘৰৰ চোতালত ৷ কিন্তু সাম্প্ৰতিক সময়ত বৰ্ধিত শব্দ প্ৰদূষণৰ ফলস্বৰূপে বিলুপ্তিৰ পথত এই চৰাইবিধ ৷ ফ্ৰান্সৰ ইক’-চিছ একচন ফাউণ্ডেচন আৰু সমগ্ৰ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সহযোগত ভাৰতত নেচাৰ ফৰেভাৰ ছ’চাইটিৰ দ্বাৰা এই চৰাইবিধৰ সংৰক্ষণৰ হেতুকে প্ৰথমে বিশ্ব ঘৰচিৰিকা দিৱস পালন কৰা হৈছিল ৷
উল্লেখ্য যে, এই দিনটোতেই ঘৰচিৰিকা চৰাইবিধৰ সজাগতা বৃদ্ধিৰ বাবে ল’ব পৰা পদক্ষেপ সম্পৰ্কত আলোচনা কৰা হয় ৷ ২০১০ চনত বিশ্বত প্ৰথমবাৰৰ বাবে বিশ্ব ঘৰচিৰিকা দিৱসৰ আয়োজন কৰা হৈছিল ৷ এইবাৰৰ বিশ্ব ঘৰচিৰিকা দিৱসৰ বিষয়বস্তু হৈছে “মই ঘৰচিৰিকা ভালপাওঁ” ।