- ইটালীত সৃষ্টি হোৱা ভয়াবহ খৰাঙৰ বাবে বহুটো নদ-নদী শুকাই যোৱা পৰিলক্ষিত হৈছে।
- এনে সময়তে ইটালীৰ পো নামৰ ৪০০ মাইল দৈৰ্ঘ্যৰ শুকাই যোৱা নদীখনত উদ্ধাৰ হৈছে দ্বিতীয় বিশ্ব যুদ্ধত নুফুটা বোমা।
- নদীখনৰ বক্ষত কেইগৰাকীমান স্থানীয় মাছমৰীয়াই বোমাটো দেখিবলৈ পায়।
- বোমাটোৰ ওজন ৪০০ কিলোগ্ৰাম।
- মাছমৰীয়া সকলে বোমাটো প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীক খবৰ দিয়ে।
- জানিব পৰা মতে, আৰক্ষী আৰু সেনাৰ দল ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটোৰ প্ৰায় ৩ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ পিছতে বিশেষজ্ঞৰ জৰিয়তে বোমাটো নিষ্ক্ৰিয় কৰে।