গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ বাবে জলাশয়সমূহ সংৰক্ষণ অত্যন্ত প্ৰয়োজন ৷ কিন্তু, মানুহৰ অমনোযোগিতাৰ বাবেই সম্প্ৰতি জলাশয়সমূহ নাইকিয়া হৈ পৰিছে ৷
পৃথিৱীৰ বৃক্ক এই জলাশয়সমূহ সুস্থ কৰাৰ স্বাৰ্থত কাজিৰঙাত বনবিভাগৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি সকলো পক্ষকে আহ্বান জনাইছে ৷ কাজিৰঙাৰ ৰাষ্ট্ৰীয় বুঢ়াপাহাৰ বনাঞ্চলৰ পতাহী বিলৰ কাষত পালন কৰিছে বিশ্ব জলাশয় দিৱস।
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ প্ৰায় ২০০ টা বিল জলাশয়ৰ ওপৰত নিৰ্ভৰ কৰিয়েই বন্যপ্ৰাণীসমূহ জীয়াই আছে ৷ সঞ্চালক পি শিৱকুমাৰে কয় যে, দেশ-বিদেশৰ জলচৰ চৰাইবোৰৰ আৱাসস্থলী এই বিলসমূহৰ যিসমূহ উদ্যানৰ বাহিৰত আছে সেইবোৰত স্থানীয় ৰাইজৰ সুবিধা হোৱাকৈ মৎস্যপালনৰ ব্যৱস্থা কৰি দিয়া হ’ব ৷
উদ্যানৰ কাষৰীয়া বিভিন্ন বিল উন্নত কৰি আৰু মীন পালনৰ সুবিধা কৰা সন্দৰ্ভত ঘোষণা কৰে ৷ ই পৰৱৰ্তী সময়ত জীৱ জন্তুৰ সহায়ক হোৱাৰ লগতে অঞ্চলটোৰ খেতিয়কৰো খেতি মাটিৰ কাৰণে সহায়ক হ’ব। পানী সংৰক্ষণৰ মূল উদ্দেশ্য সন্মুখত ৰাখি ইতিমধ্যে ভাৰত চৰকাৰে গোলাঘাট, নগাঁও আৰু বিশ্বনাথ তিনিখন জিলাক কেন্দ্ৰ কৰি জলাশয় সংৰক্ষণৰ বাবে কৰা কাম আৰম্ভ কৰা হৈছে বুলিও তেখেতে অৱগত কৰে৷