শুকুৰবাৰে অসম মীন উন্নয়ন নিগম লিমিটেডৰ অন্যতম সঞ্চালক মণ্ডলী হিচাপে নতুন কাৰ্যভাৰ গ্ৰহণ কৰে যাদৱ হালদাৰে। মীন নিগমৰ নতুন সঞ্চালক মণ্ডলী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰা হালদাৰক নিগমৰ বিষয়া- কৰ্মচাৰী সকলে উষ্ম আদৰণি জনায়।
নতুন দায়িত্ব ভাৰ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, “যিহেতু মই নিজে এজন মৎসজীৱী লোক। গতিকে, মৎসজীৱী ৰাইজৰ হৈ কাম কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যি সুযোগ দিছে তাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”
অসমত যিমান মৎসজীৱী লেচি বা মহল আছে এতিয়াৰ পৰা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে এক টকাৰ ঘোচ নিদিয়াকৈ ৭ বছৰৰ বাবে তেওঁলোকক সংস্থাপিত কৰা হব বুলিও তেওঁ লগতে ব্যক্ত কৰে।
লগতে তেওঁ কয় যে, “নিগমৰ অধীনস্থ ৰাজ্যত ১৮৫ খনৰো অধিক বিল আছে আৰু এই বিলৰ জৰিয়তে মৎসজীৱী উদ্যোগী সকলে জীৱিকা নিৰ্বাহ কৰাৰ লগতে নিগমক আৰ্থিক ভাৱে তৰাম্বিত কৰি আহিছে। সেয়ে, মৎসজীৱী লোকসকলে যাতে বিনা পইচাই -ঘোষ নিদিয়াকৈ কামৰ সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰা হব।”