হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিনা স্থানপ্রাপ্ত তথা ভাল ফল দেখুওৱা ছাত্র-ছাত্রী সকলক জাউৰিয়ে জাউৰিয়ে এটা প্রশ্নই সোধা হয়, সেইটো হ’ল ভৱিষ্যতে তেওঁলোকে কি পঢ়িব আৰু কি হোৱাৰ সপোন আছে। প্ৰকৃততে বেছি ভাগৰে উত্তৰ সমুহ ইতিমধ্যে পিতৃ-মাতৃৰ জৰিয়তে ঠিৰাং কৰি ৰখা সিন্ধান্তৰ বহিঃ প্রকাশ বুলি অনুমান কৰিব পাৰি। তেওঁলোকৰ উত্তৰসমূহ প্রায় একেধৰণৰ – ভবিষ্যতে বিজ্ঞান পঢ়িব আৰু চিকিৎসক হ’ব বা অভিযন্তা হ’ব আদি। আজি কালি আন এটা দিশৰ কথাও শুনা যায়। সেইটো হ’ল কলা বিভাগত নাম ভৰ্তি কৰি প্ৰশাসনিক বিষয়া হৈ দেশৰ বাবে সেৱা আগবঢ়ার। ভবিষ্যতে এজন ভাল শিক্ষক, বিজ্ঞানী বা সমাজৰ হিতৰ বাবে কাম কৰিম বুলি কোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তেনেই নগণ্য।
এতিয়া মূল কথাটো হ’ল বেছিভাগ ছত্রা-ছাত্ৰীয়েই নিজৰ ভৱিষ্যতৰ শৈক্ষিক জীৱন সম্পর্কে এটা স্থিৰ সিন্ধান্ত ল’বলৈ মানসিকভাবে এক দোদুল্যমান অৱস্থাৰ সন্মুখীন হয়। কাৰণ মই নিজেই শিক্ষকতা কৰি থকাৰ সময়ত মোৰ সান্নিধ্যলৈ অহা বহুতো ছাত্র-ছাত্রীক পাইছিলো, যি সকলক প্রথম বিভাগ আৰু বিজ্ঞান বিষয়ত লেটাৰ পোৱাৰ কাৰণেই বিজ্ঞান পঢ়িবলৈ পিতৃ-মাতৃ তথা অভিভাৱক সকলে হেঁচা প্রয়োগ কৰে। ফলস্বৰূপে ভবিষ্যতে ভাল ফলাফলৰ পৰা বঞ্চিত হয়। সেইদৰে এজন ছাত্র বা ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত উন্নত মানৰ নম্বৰ পালে বুলিয়েই তেওঁ চিকিৎসক তথা অভিযন্তা হ’বলৈ নিবিচাৰিবও পাৰে। আমাৰ মাজত কিছুমান অভিভাৱক আছে, যি সকলে তেওঁলোকৰ ল’ৰাজন বা ছোৱালীজনী চিকিৎসক হ’ব বুলি পূর্বতেই সিন্ধান্ত লৈ থয়। শিক্ষকতা জীবনত এনেকুৱা ছাত্র-ছাত্রীও পাইছো যিসকলে তেওঁলোকৰ চিকিৎসা বিজ্ঞানৰ প্ৰতি থকা অনিচ্ছাৰ কথা অভিভাৱক সকলক জনাই দিবলৈ আমাক অনুৰোধ কৰেহি। এনে ধৰণৰ উদাহৰণ নিশ্চয় বহুতৰে ওচৰত আছে। আজি কিছুদিন আগতে বাতৰি কাকতত পঢ়িবলৈ পাইছিলো যে IITত পঢ়ি থকা এজন ছাত্ৰই এজন শিক্ষকক লগ ধৰি কৈছিল যে ছাত্ৰজনে দুবাৰকৈ এটা বিষয়ত অকৃতকাৰ্য্য হোৱাৰ কাৰণটো হ’ল ছাত্ৰজনে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে দেউতাক মাকৰ হেঁচাতেই IIT’ত পঢ়িবলৈ আহিছিল। সেইদৰে, গল্প লিখি আৰু আবৃত্তি কৰি যথেষ্ট নাম কৰি সদায় পুৰস্কৃত হৈ থকা ল’ৰাজনক মেট্ৰিকত ভাল ফলাফল লাভ কৰাৰ কাৰণেই বিজ্ঞান শাখাত নাম ভর্তি কৰোৱাটো উচিত নহয়। এনে ক্ষেত্ৰত কেইবাজনো ছাত্র-ছাত্রীয়ে এটা বছৰ হেৰুৱাব লগীয়া হোৱাটো আমাৰ দৃষ্টিগোচৰ হৈছে। মুঠতে, ভবিষ্যতে কি পঢ়িব এই কথাটোৰ সিদ্ধান্ত ছাত্র-ছাত্রী সকলে সদায় নিজেই লোৱা উচিত। কাৰণ বহুতো ল’ৰা-ছোৱালী আছে তেওঁলোকে কিছুমান বিশেষ খেল খেলি ভাল পায়। কিছুমান আকৌ গান বা আন বাদ্যযন্ত্ৰৰ প্ৰতি আকৃষ্ট। আন কিছুমানে হয়টো ছবি আকি ভাল পায়। তেনে ক্ষেত্ৰত অভিভাবক সকলে পঢ়া-শুনাত ব্যয় কৰিবলৈ থোৱা ধনখিনিৰে অসম বা অসমৰ বাহিৰত এনেবোৰ বিষয়তে ল’ৰা-ছোৱালীৰ ইচ্ছাৰ সপক্ষে উপযুক্ত শিক্ষা দিয়াৰ পৰিকল্পনা কৰিব পাৰে। সৰ্বকালৰ এজন শ্রেষ্ঠ বিজ্ঞানী ডাৰউইনক দেউতাকে চিকিৎসক হ’বলৈ বহুবাৰ হেঁচা প্ৰয়োগ কৰিছিল, কিন্তু ডাৰউইনে সেই কথা মানি লোৱা নাছিল।
অৱশেষত দেউতাকে বিজ্ঞানীজনক এনে এখন শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিবলৈ ক’লে যত মূৰ্খক শিক্ষা দিয়া হয়। ডাৰউইন আছিল সৰুৰে পৰা প্ৰকৃতি প্রেমিক, তেওঁৰ লক্ষ্য আছিল প্ৰকৃতিৰ বিচিত্ৰতাৰ বিষয়ে অধ্যয়ন কৰাটো। ফলস্বৰূপে, ডাৰউইনৰ বিজ্ঞানৰ প্ৰতি থকা অৱদানক আমি আজিও শ্ৰদ্ধাৰে সোঁৱৰো। এইয়া মাথো এটা উদাহৰণহে। অন্যান্য দিশতো এনেকুৱা উদাহৰণ আৰু বহুত আছে।
ভবিষ্যতে কোন কি হ’ব ইত্যাদি কথাৰ চিন্তা চৰ্চা চলি থকাৰ সময়তে এইবাৰ কেতিয়াও নুশুনা এষাৰ উল্লেখনীয় বাক্য দূৰদৰ্শনৰ পৰ্দাত শুনিবলৈ পাই অতিশয় আনন্দিত হৈছিলো। কথাষাৰ এনেধৰণৰ, “মই নাথাকিলেও সমাজৰ দুজনে যাতে মোৰ নাম লয়, মই তেনেধৰণৰ কাম কৰিবলৈ বিচাৰোঁ।” ভবিষ্যতে তেওঁ IITৰ এজন শিক্ষক হোৱাৰ সপোন আছে। এই ভাষা ছিপাঝাৰৰ ত্রিনিটি ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যাপীঠৰ ২০২২ চনৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিজ্ঞান শাখাত শীর্ষস্থান প্রাপ্ত ছাত্র, ধৃতিৰাজ বাস্তৱ কলিতাৰ। কথাষাৰে সকলোৰে মন চুই গৈছে।
সামৰণিত ইয়াকে ক’ব খুজিছো যে প্রকৃততে অভিভাৱক সকলে তেওঁলোকৰ ল’ৰা-ছোৱালী স্কুলত পঢ়ি থকাৰ দিনতে লক্ষ্য কৰিব পাৰিব লাগে যে তেওঁলোকৰ সন্তান কোনটো বিষয়ৰ প্রতি বেছিকৈ আকৃষ্ট। সেই অনুযায়ী তেওঁলোকক উৎসাহ উদ্দিপনা আৰু অনুপ্ৰেৰণা দিবলৈ যত্নপৰ হ’ব লাগে। ছাত্র-ছাত্রী সকলেও প্ৰকৃততে অষ্টম বা নৱম শ্ৰেণীত পঢ়ি থাকোতেই সকলো বিষয়ৰ ওপৰত এটা সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। গতিকে ইচ্ছা কৰিলে তেওঁলোকে সেই পর্যায়তে কোনজন ছাত্র কোন বিভাগৰ (বিজ্ঞান, কলা নে বাণিজ্য) কাৰণে উপযুক্ত নিজেই নির্ণয় কৰি ল’ব পাৰে আৰু তেনে ছাত্ৰইহে ভবিষ্যতে উচিত দিশত আগবাঢ়ি গৈ জীৱনত ভাল ফল দেখুৱাবলৈ সক্ষম হয়। অৱশ্যে কেতিয়াবা এই ক্ষেত্ৰত ব্যতিক্রমী ফলাফলো নেদেখা নহয়। মুঠতে, জীৱনটোক গঢ় দিয়াৰ সময়ত এজন ছাত্র বা ছাত্রী সদায় সচেষ্ট হ’ব লাগে আৰু সুপৰিকল্পিত আৰু সুস্থ মগজুৰে চিন্তা চর্চা কৰি, আনক অনুকৰণ নকৰি নিজৰ মনঃপুত পথেৰে আগবাঢ়ি যাব লাগে।
ফোন নংঃ ৯৪৩৫০৬৩৮২২