নিউজ ডেস্কঃ দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জ্জনৰ দিনা আইন-শৃংখলা বৰ্তাই ৰখা তথা সুৰাজনিত দুৰ্ঘটনা আৰু অন্যান্য অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে অহা ২৬ অক্টোবৰৰ দিনটো ড্ৰাই ডে ঘোষণা কৰিছে।
বিজয়া দশমীৰ দিনটোত কামৰূপ মহানগৰ জিলাৰ সুৰাৰ বিপণীসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব।
কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে দিছে এই নিৰ্দেশনা।