গুৱাহাটী – অসম জাতীয় পৰিষদে ৰাজ্য চৰকাৰ তথা আৰক্ষী বিভাগে অসমখনক অপৰাধ-মুক্ত কৰাৰ বিপৰীতে দেশৰ সাংবিধানিক ৰক্ষা কৱচ উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰিছে।
লগতে জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে, “এজন অপৰাধীক আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰে অথবা ক্ষীপ্ৰতাৰে আৰু নিৰপেক্ষভাবে তদন্ত কৰিব পাৰে। শেষত উক্ত গোচৰৰ অভিযোগনামা আদালতত দাখিল কৰিব পাৰে, এইটোৱেই হ’ল প্ৰচলিত ব্যৱস্থা। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বিগত ৫ জুলাই তাৰিখে আৰক্ষী বিভাগৰ সৈতে হোৱা বৈঠকত আৰক্ষী বিভাগক এটা গাইড লাইন দিছে যে, “অপৰাধী পলালেই গুলিয়াব লাগে৷”
সেয়েহে জাতীয় পৰিষদে আৰক্ষী বিভাগক উদ্দেশ্য কৰি কয় যে, “ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে ১৯৯৭ চনৰ ২৯ মাৰ্চ তাৰিখে দেশৰ আটাইকেইখন ৰাজ্যলৈ লিখা চিঠিত স্পষ্টভাৱে উল্লেখ কৰিছে যে আৰক্ষীয়ে মাত্ৰ দুটা ক্ষেত্ৰতহে অপৰাধীক গুলি কৰিব পাৰে:
১) আই পি চিৰ ৯৬ ধাৰা অনুসৰি, যেতিয়া আৰক্ষীৰ নিজৰ প্ৰাণৰ প্ৰতি ভাবুকি আহে পৰে তেতিয়াহে অভিযুক্তজনক গুলীয়াব পাৰে অৰ্থাৎ কেৱল নিজৰ আত্মৰক্ষাৰ প্ৰয়োজনত৷
২) চি আৰ পিচিৰ ৪৬ নম্বৰ ধাৰা অনুসৰি, আদালতৰ দ্বাৰা মৃত্যুদণ্ডৰ আদেশ পোৱা অপৰাধী গ্ৰেপ্তাৰ আৰক্ষীৰ জিম্মাৰ পৰা বল প্ৰয়োগ কৰি পলায়ন কৰিলে, তেতিয়া আৰক্ষীয়ে উপায় নহ’লে হে অপৰাধীজনক গুলীয়াব পাৰে।
এই দুটা কাৰণৰ বাহিৰে আৰক্ষীৰ হাতত কোনো লোকৰ মৃত্যু হ’লে নিৰ্দিষ্ট হত্যাৰ অভিযোগত আৰক্ষীজনো অভিযুক্ত হ’ব আৰু সেই গোচৰত বিচাৰ চলিব লাগে। কিন্তু এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গৃহ বিভাগ তথা মুখ্যমন্ত্রীয়ে আৰক্ষীৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জাতীয় পৰিষদে তীব্ৰ বিৰোধিতা কৰে আৰু এই স্বৈৰাচাৰী শাসন শীঘ্ৰে বন্ধ কৰাৰ বাবে চৰকাৰক দাবী জনায়।