পূৰ্বে নিৰ্ধাৰিত সময় অনুসৰিয়েই পৰীক্ষা অনুষ্ঠিত হ’ব। ১৫ জুলাইৰ ভিতৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাসমূহ।
ছেবাৰ সৈতে অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰীৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৱশ্যে বৰ্তমানলৈ এই সিদ্ধান্ত লোৱা নাই যে, কি পদ্ধতিত পৰীক্ষা অনুষ্ঠিত হ’ব।
৪টা বিষয়েৰে ২৫ নম্বৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ছাত্ৰ-ছাত্ৰীসকলে কেৱল ৪টা বিষয়ৰ ওপৰতহে পৰীক্ষা দিব লাগিব। ইংৰাজী, অংক, বিজ্ঞান আৰু সমাজবিজ্ঞান বিষয় থাকিব প্ৰশ্নকাকতত।
ইফালে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, কলা আৰু বাণিজ্য বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে লৈছে সকলো নীতি। কেউটা বিভাগতে বিশেষ বিষয় বাছনি কৰি দিব।