গুৱাহাটী – চলিত মাহত নতুনকৈ আক্রান্তৰ সংখ্যা হ্রাস পোৱাত আৰু ৰাজ্যলৈ স্বাভাৱিক পৰিৱেশ ঘূৰি অহাত ৰাজ্য চৰকাৰে সকলো কভিড কেয়াৰ চেণ্টাৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ উল্লেখ্য যে সর্বভাৰতীয় প্ৰেক্ষাপটত অসমত কৰ’না আক্রান্ত হৈ মৃত্যুমুখত পৰা ৰোগীৰ সংখ্যা যথেষ্ট কম৷ সমান্তৰালকৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যাও বেছি৷ ক’ৰোনা আক্রান্ত ৰাজ্যৰ মুঠ ৰোগীৰ বর্তমান ৯৮ শতাংশই সুস্থ হৈ উঠিছে৷
গুৱাহাটীত সৰুসজাই ষ্টেডিয়াম, খানাপাৰা, নেহৰু ষ্টেডিয়াম, আই আই টিসহ বিভিন্ন শিক্ষানুষ্ঠানত স্থাপন কৰা ক’ভিড কেয়াৰ চেণ্টাৰসমূহ ৰোগীৰ অভাৱত বন্ধ কৰি দিয়া হৈছে৷ মহানগৰীত থকা ১৩টা কভিড কেয়াৰ চেণ্টাৰৰ উপৰি ৰাজ্যৰ অন্য প্রান্তত থকা সকলো অস্থায়ী কভিড কেয়াৰ চেণ্টাৰ এতিয়া অপ্রয়োজনীয় হৈ পৰিছে৷ যিসংখ্যক সক্রিয় ৰোগী আছে, তেওঁলোকৰ বাবে চিকিৎসালয়সমূহত পর্যাপ্ত বিছনা, উপয়ুক্ত চিকিৎসা উপলব্ধ আছে৷
নৱেম্বৰৰ প্রথম সপ্তাহত অর্থাৎ ২-৮ তাৰিখৰ ভিতৰত প্রতিদিনে ৩২১ জন কৰ’না ৰোগী ধৰা পৰিছিল৷ পৰৱর্তী পর্যায়ত ৯-১৫ নৱেম্বৰত প্রতিদিনে ২১১, ১৬-২২ নৱেম্বৰৰ ভিতৰত দৈনিক ১৭৮ আৰু ২৩ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ দৈনিক আক্রান্ত ৰোগীৰ সংখ্যা হ’ল ১৫৮ জন৷ ক্রমান্বয়ে ৰাজ্যত কৰ’না ৰোগী হ্রাস পাইছে৷
সর্বভাৰতীয় পর্যায়ত মৃত্যুৰ হাৰ ৯.৮ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ হ’ল .৪৬ শতাংশ৷ ভাৰতত সুস্থ হোৱা ৰোগীৰ হাৰ ৯৩.৭ শতাংশ হোৱাৰ অসমত এই হাৰ হ’ল ৯৮ শতাংশ৷ আজি স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই জনোৱা অনুসৰি কৰ’নাৰ প্রকোপ হ্রাস পোৱাত ৰাইজৰ মাজত পৰীক্ষা কৰিবলৈ পূর্বৰ দৰে আগ্রহ নাই৷ ৰাজ্যৰ ভিতৰত আক্রান্ত চিনাক্ত হোৱাৰ বিপৰীতে বহিঃৰাজ্যৰ পৰা বিমান কিম্বা ৰে’লযোগে অহাসকলৰ মাজতহে নতুনকৈ কৰ’না ধৰা পৰিছে বুলিও মন্ত্রীগৰাকীয়ে কয়৷