প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যত এক লাখ নিবনুৱাক সংস্থাপন প্ৰদানৰ দিশে আগবাঢ়িছে অসম চৰকাৰ। সেইমৰ্মেই আৰক্ষী বাহিনীত হ’ব বৃহৎ নিযুক্তি।
অসমৰ বিভিন্ন থানাত খালী হৈ আছে অ’ চি- এচ আইৰ পদ।সেই পদ সমূহ পূৰ কৰাৰ লগতে সোনকালেই প্ৰায় দহটা নতুন কমাণ্ডো বেটেলিয়ন গঠন কৰাৰ বাবে চিন্তা চৰ্চা চলিছে বুলি আজি অসম বিধানসভাত জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে অঞ্চলবিশেষে প্ৰয়োজন অনুসৰি থানা আৰু আউট পোষ্ট নিৰ্মাণো কৰা হ’ব।
আউটপোষ্ট সমূহক থানালৈ উন্নীতকৰণ ৰ লগতে অস্বীকৃতিপ্ৰাপ্ত আউটপোষ্টক আউটপোষ্টৰ স্বীকৃতি দিয়াৰ কামো কৰা হ’ব জনায় হিমন্ত বিশ্ব শৰ্মাই।