নিউজ ডেস্কঃ ইউটিউবাৰ কেৰি মিনাতিৰ কথা প্ৰায় সকলোৱেই শুনিছে৷ অগণন অনুগামীৰ সৈতে কেৰি মিনাতি প্ৰায়েই ছ’চিয়েল মিডিয়াৰ জগতখনত শীৰ্ষৰ বিষয় হৈ থাকে৷ কেইবছৰ মান আগেয়ে অসমৰ ৰাজকুমাৰ ঠাকুৰীয়াক লৈও এটা ৰোষ্ট ভিডিঅ’ কৰি অসমৰ জনসাধাৰণৰ প্ৰিয় হৈ পৰিছিল কেৰি মিনাতি৷
কিন্তু এইবাৰ কাকো ৰোষ্টিঙেৰে নহয়, অসম তথা বিহাৰত হোৱা প্ৰলংয়কাৰী বানৰ সাহায্য বিচাৰি শিৰোনামলৈ আহিছে কেৰি মিনাতি৷
অজেয় নাগৰ ওৰফে কেৰি মিনাতিয়ে ১৯ জুলাই ২০২০ তাৰিখে সন্ধিয়া ৭ বজাৰ পৰা নিশা ১২ বজালৈ এক লাইভ অনুষ্ঠানৰ আয়োজন কৰি দৰ্শকৰ পৰা ১০,৩১,১৩৭ টকা সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে৷ এই পৰিমাণৰ লগত তেওঁ নিজৰ তৰফৰ পৰা ১ লাখ টকা সংযোজিত কৰি মুঠ ১১ লাখ টকা অসম আৰু বিহাৰৰ বানাক্ৰান্তসকলৰ সাহায্যাৰ্থে সংগ্ৰহ কৰিছে৷ একৈশ বছৰীয়া এই যুৱকজনে তেওঁৰ ২৩.৯ মিলিয়ন অনুগামীৰ পৰা এই বিশাল পৰিমাণৰ সাহায্য সংগ্ৰহৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে৷
Thank you each one of you who supported this noble cause and helped in gathering INR 10,31,137 for Assam & Bihar on the charity stream today. I will be adding INR 1,00,000 to this amount. I am proud of you all ❤️
— Ajey Nagar (@CarryMinati) July 19, 2020