সুৰাৰ অনলাইন বিপণনৰ ক্ষেত্ৰত আজি ৰাজ্য চৰকাৰে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা।নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা আৰম্ভ হ’ল সুৰাৰ অনলাইন বিতৰণ।অৰ্থাৎ ঘৰত বহিয়েই এজন গ্ৰাহকে লাভ কৰিব পাৰিব পচন্দৰ সুৰা।
দিনৰ ১১ বজাৰ পৰা ৰাতি ১০ বজালৈ অব্যাহত থাকিব এই সেৱা।
দুঘণ্টাৰ ভিতৰত অৰ্ডাৰ অনুসৰি সুৰা যোগান ধৰা হ’ব।
১ কিল’মিটাৰতকৈ কম দূৰত্বত সুৰা যোগানৰ বাবদ যোগানকাৰীক আদায় দিব লাগিব ৫০ টকা।
আনহাতে ১ আৰু ২ কিল’মিটাৰৰ মাজৰ দূৰত্বৰ ক্ষেত্ৰত আদায় দিব লাগিব ৭৫ টকা।
এটা এপৰ জৰিয়তেহে এই সুবিধা লাভ কৰিব পৰা যাব।
এজন ব্যক্তিয়ে এবাৰত সৰ্বাধিক ৩ লিটাৰ সুৰা ক্ৰয় কৰিব পাৰিব।
অৱশ্যে শৈক্ষিক প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয়,হোষ্টেল আদিত সুৰা যোগান ধৰা নহ’ব।