গুৱাহাটী – তিনিচুকীয়া জিলাত এগৰাকী আৰক্ষী বিষয়াক থানাৰ ভিতৰতে আক্ৰমণ কৰাৰ অভিযোগত দীপাঞ্জলি কাকতি নামৰ এগৰাকী নেত্ৰীক নিলম্বন কৰিছে ৰাজ্যিক বিজেপিয়ে। ৰাজ্যিক বিজেপিৰ পৰা প্ৰকাশিত বিবৃতিত কোৱা হৈছে যে দলৰ ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য দীপাঞ্জলি কাকতিক তাৎক্ষণিকভাৱে দলৰ পৰা নিলম্বন কৰা হৈছে।
বিবৃতিটোত কোৱা হৈছে যে কাকতিৰ বিৰুদ্ধে এগৰাকী আৰক্ষী বিষয়াক কৰ্তব্যত বাধা দিয়া আৰু দুৰ্ব্যৱহাৰ কৰাৰ বাবে এটা গোচৰ ৰুজু হৈছে যিটোৱে দলৰ ভাৱমূৰ্তি ম্লান কৰিছে। সেয়েহে, কাকতিক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ পৰা নিলম্বন কৰা হৈছে।
উল্লেখ্য যে অসম ৰাজ্যিক বিজেপিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে কাকপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক অপূৰ্ব দাসক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল আৰু এগৰাকী মহিলাই দাখিল কৰা এক আক্ৰমণৰ ঘটনাৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে জেৰাৰ বাবে মাতি নিয়া তেওঁৰ ড্ৰাইভাৰ শ্ৰীকান্ত ফুকনক বলপূৰ্বকভাৱে মোকলাই আনিছিল।
কাকতিৰ বিৰুদ্ধে যোৱা ৮ নৱেম্বৰত দাখিল কৰা এজাহাৰত অপূৰ্ব দাসে অভিযোগ কৰিছিল যে বিজেপি নেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে তেওঁৰ সম্পৰ্কৰ গুৰুত্ব প্ৰকাশ কৰি বিষয়াগৰাকীৰ চাকৰি খোৱাৰ ভাবুকি দিছিল আৰু তেওঁক আক্ৰমণ কৰিছিল। ইফালে এইপৰ্যন্ত দীপাঞ্জলি কাকতি পলাতক অৱস্থাত আছে।