নিউজ ডেস্কঃ মহানগৰীত পুনৰ সংঘটিত হৈছে ধৰ্ষণৰ দৰে এক জঘন্য ঘটনা। ধর্ষণৰ বলি এগৰাকী ১৩ বছৰীয়া কিশোৰী। আৰক্ষীৰ জালত পৰিছে ধর্ষণকাৰীজন।
ধৃত ধর্ষণকাৰীজন গীতানগৰ থানা এলেকাৰ ভাস্কৰ নগৰৰ বি পি চলিহা নগৰৰ বাবুল শৰ্মা বুলি জানিব পৰা হৈছে৷ ভুক্তভোগী কিশোৰী গৰাকীয়ে এই ঘটনা সন্দৰ্ভত অৱগত কৰে নিজ মাতৃক।
ভুক্তভোগী কিশোৰী গৰাকীৰ মাতৃয়ে সমগ্ৰ ঘটনা সম্পর্কে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷
সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৩১৬/২০ নম্বৰত থানাত এটা গোচৰ ৰুজু কৰি ইউ/এছ.- ৩৭৬(এফ) ভাৰতীয় দণ্ড বিধিৰ আৰ.ডব্লিউ. অনুচ্ছেদ ৫(এন) ৩৭৬(এফ) পস্ক’ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে লম্পট বাবুল শৰ্মাক।