কালিৰ দিনটোত ৰাজ্যত সম্পন্ন হৈছিল মুঠ ১,০২,০৪০ টা কোভিড পৰীক্ষা।দিনটোত ৬.০২ শতাংশ সংক্ৰমণৰ হাৰেৰে সমূহ পৰীক্ষাৰ অন্তত ৰাজ্যখনত চিনাক্ত হয় মুঠ ৬,১৪৩ গৰাকী আক্ৰান্ত।
আনহাতে কালিৰ দিনটোত কোভিড আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় মুঠ ৮৯ জন লোকে।কামৰূপ মহানগৰ জিলাত আক্ৰান্তৰ সংখ্যা আছিল ৯১৩ গৰাকী।
ইফালে সংক্ৰমণৰ হাৰ কমিলেও স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাইজক কোভিড বিধি সমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে।