নিউজ ডেস্কঃ গুৱাহাটীত এইবাৰ দুৰ্গা পূজাৰ বিশেষ আয়োজন আৰু আনন্দ নাই যদিও শেহতীয়াকৈ একাংশ পূজা সমিতিয়ে পূজা আয়োজনৰ প্ৰস্তুতি চলাইছে।পূজাৰ প্ৰাকমূহূৰ্তত আজি কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ পূজা কমিটীৰ বিষয়ববীয়াসকল এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।জিলা প্ৰশাসনে পূজাৰ আয়োজন আৰু পালন সন্দৰ্ভত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে।
বহু নীতি-নিয়মৰ মাজেৰে এইবাৰ উদযাপন কৰা হ’ব দুৰ্গা পূজা।
কি কি নিয়ম মানিব লাগিব?
১) ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি উদযাপন কৰিব লাগিব পূজা।
২) পূজাস্থলীত প্ৰসাদ বিতৰণ কৰিব নোৱাৰিব।
৩) প্ৰতিখন পূজা মণ্ডপৰ এক মিটাৰ দূৰত ভক্তিমূলক অনুষ্ঠান কৰিব পৰিব।
৪) পূজাৰ কেইদিন বাইকত দুজন ব্যক্তি একেলগে উঠিব নোৱাৰিব।
৫) ১০ বজাৰ আগত পূজাৰ সকলো কাম শেষ কৰিব লাগিব।
৬) মেলা,অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব।
৭) ৰেষ্টুৰেণ্টত বহি খাব নোৱাৰিব,ক্ৰয় কৰি লৈ যাব লাগিব।
৮) হোটেল ,ৰেষ্টুৰেণ্ট সমূহ ৯ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব।
৯) মূৰ্তি বিসৰ্জনৰ বাবে কেৱল ১০ জনহে লোক যাব পাৰিব।
১০) বেলতলা, দিছপুৰ অঞ্চলৰ কমিটী সমূহে এইবাৰ সাউকুচিত বিসৰ্জন দিব লাগিব।
১১) কাচমাৰি,সোণাপুৰ, চন্দ্ৰপুৰ, সাউকুচি, পাণ্ডু, চুনশালী, আজাৰা ঘাটত বিসৰ্জন হব।
১২) মূৰ্তি বিসৰ্জনৰ বাবে কেৱল ১০ জনহে লোক যাব পাৰিব।
১৩) দশমীৰ দিনা বন্ধ থাকিব সুৰাৰ বিপনী।