হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱা বা নোহোৱাক লৈ আজি লোৱা হ’ব সিদ্ধান্ত।
এই সন্দৰ্ভত আজি ১১ বজাত কেইবাটাও বিভাগৰ সৈতে বৈঠকত বহিব শিক্ষা মন্ত্ৰী।
আজিয়েই চূড়ান্ত কৰা হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ SOP।
বৈঠকখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থকাৰ সম্ভাৱনা।
বুদ্ধিজীৱী সংগঠন, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু শিক্ষা ব’ৰ্ডৰ সৈতে আজি দিনৰ ১১ বজাত বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকখনতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
ইফালে পৰীক্ষা বাতিল কৰাক লৈ বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে শিক্ষাৰ্থীসকলেও টুইটাৰত #CancelAssamBoardExams বুলি টুইটাৰত টুইট কৰিছিল।
প্ৰায় ১ মিলিয়ন টুইটেৰে ভৰি পৰিছিল টুইটাৰ।
Photo: Google